অভিষেক কাণ্ডৰ ক্ষীপ্ৰ তদন্ত আৰু দোষীক কৰায়ত্তৰ দাবীত তামুলপুৰ জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰঃ 

  • Current
  • August 28, 2025
  • 0 Comments
Telegram

অভিষেক কাণ্ডৰ ক্ষীপ্ৰ তদন্ত আৰু দোষীক কৰায়ত্তৰ দাবীত তামুলপুৰ জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰঃ 

 

তামুলপুৰ,২৮ আগষ্টঃ

 

অভিষেক কাণ্ডৰ ক্ষীপ্ৰ তদন্ত আৰু দোষীক কৰায়ত্তৰ দাবীত তামুলপুৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই আজি পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই স্মাৰক পত্ৰত উল্লেখ কৰা মতে

যোৱা ইং ২০ আগষ্টত তামুলপুৰৰ কচুকাটা নিবাসী অভিষেক দাস নামৰ যুৱকজন তেওঁৰ চাৰিগৰাকী বন্ধুৰ সৈতে AS-01 EN-5124 নম্বৰৰ চাৰিচকীয়া বাহনখনেৰে বগামাটিৰ পৰা তামুলপুৰ অভিমুখে আহি থকা অৱস্থাত শুৱাগপুৰ উপ-আৰক্ষী চকীৰ অন্তৰ্গত ভড়ালী চ’কত আবেলি প্রায় ৩ মান বজাত এক পথ দুর্ঘটনাত পতিত হয়। পৰিয়ালৰ আভিযোগ আৰু বন্ধুকেইজনৰ সাক্ষ্য অনুসৰি দূৰ্ঘটনাৰ সময়ত সুস্থ অৱস্থাত থকা অভিষেক দাস নামৰ যুৱক জনক দূর্ঘটনা সংঘটিত হোৱাৰ পাছত কেইজনমান স্থানীয় লোকে গাড়ীৰ পৰা উলিয়াই পৰিকল্পিতভাৱে হত্যা কৰে। দূর্ঘটনা সংঘটিত হোৱা ঠাইৰ পৰা প্রায় ৬০ ফুটমান আঁতৰত গাত কাপোৰ নোহোৱা আৰু মুমুর্ষ অৱস্থাত তেওঁক আৰক্ষীয়ে উদ্ধাৰ কৰে। পিছত বহু দেৰিকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও একাংশ ৰাইজৰ প্ৰহাৰত তেওঁৰ হাস্পতাল নৌপাওতেই মর্মান্তিকভাবে অকাল মৃত্যু ঘটে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা (Postmortem report) আৰু সামাজিক মাধ্যমত প্রচাৰিত কেইবাটাও ভিডিঅ’ই এই অভিযোগৰ সত্যতাৰ ইংগিত দিয়ে। কিন্তু ভুক্তভোগী পৰিয়ালটোৱে ২১ আগষ্ট তাৰিখেই শুৱাগপুৰ উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰা স্বত্বেও ৰহস্যজনকভাবে কেচটো চাৰিদিন পিছত অর্থাৎ ২৪ আগষ্ট তাৰিখেহে পঞ্জীয়ণ (Register) কৰে। আৰক্ষীৰ চৰম ব্যৰ্থতাৰ ফলশ্রুতিত জিলা প্রশাসনে ঘটনাটোৰ তদন্তৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত কমিটি গঠন কৰি দিলেও এতিয়ালৈকে কোনো এজন দোষীক কৰায়ত্ত কৰা পৰিলক্ষিত নহ’ল। গতিকে সমগ্র ঘটনাটো ৰাজনৈতিক হস্তক্ষেপৰ উৰ্দ্ধত ক্ষীপ্ৰতাৰে তদন্ত কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গক ন্যায় প্রদান কৰিব বুলি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই আহ্বান জনায় ৷ চাৰিগৰাকীকৈ জীৱন্ত সাক্ষী থকা সত্বেও যদিহে এই স্মাৰক-পত্ৰ দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰত প্রশাসনে দোষীক চিনাক্ত আৰু কৰায়ত্ত কৰি উচিত শাস্তি প্রদান কৰি পৰিয়ালটিক ন্যায় দিব নোৱাৰে তেতিয়াহ’লে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত সকলো ৰাইজক লৈ তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হব বুলিও স্মাৰক পত্ৰখনত উল্লেখ কৰা হয় ৷ ইপিনে স্মাৰক পত্ৰ প্ৰদান কৰি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৰ লগত তামুলপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এক আলোচনাত মিলিত হয় । আলোচনাৰ সময়ত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে অতি ক্ষিপ্ৰতাৰে ঘটনাটোৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰা বুলি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে । ###

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *