
অনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰা
যোৰহাট, ১৪ ছেপ্টেম্বৰঃ অনুকূল বতৰ নথকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশ মাৰ্গেৰে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত বাতিল কৰা হয়। প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ যাত্ৰা নিৰাপত্তাজনিত কাৰণত স্থগিত কৰা হয় বুলি চৰকাৰী সূত্ৰে জনোৱা হৈছে।
ফলস্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা কণভয়ৰে স্থলপথেৰে যাত্ৰা আৰম্ভ কৰে। পথৰ দুয়োফালে লোকসাধাৰণৰ ব্যাপক সমাগম দেখা যায় আৰু প্ৰধানমন্ত্ৰীক এক নজৰ চাবলৈ হাজাৰ হাজাৰ লোক ৰাইজ ৰাস্তাত উপস্থিত হয়।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণত জোৰদাৰ নিরাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কণভয় চলাচলৰ আগতে সম্পূৰ্ণ পথখন পৰিষ্কাৰ কৰি চৌকস নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়।
সূত্ৰৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি যোৰহাট আৰু সংলগ্ন অঞ্চলত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।