
WWEৰ কিংবদন্তী মল্লযুঁজাৰু Hulk Hoganৰ মৃত্যু, ৭১ বছৰ বয়সত অন্তিম নিশ্বাস ত্যাগ
ৱাশ্বিংটন, ২৫ জুলাই: WWEৰ জগতত এক জ্যোতিষ্কৰ দৰে উদয় হোৱা কিংবদন্তী মল্লযুঁজাৰু Hulk Hogan আৰু নাই। ৭১ বছৰ বয়সত তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যু সংবাদে বিশ্বজুৰি মল্লযুঁজাৰ অনুৰাগীৰ মাজত গভীৰ শোকৰ ছাঁ পৰাইছে।
Hulk Hogan, যাৰ প্ৰকৃত নাম Terry Gene Bollea, ১৯৮০ আৰু ১৯৯০ দশকৰ WWE (তেতিয়াৰ WWF)ৰ মুখ্য মুখ আছিল। তেওঁ “Hulkamania” নামৰ এক আন্দোলনৰ সূচনা কৰিছিল, যি সময়ত মল্লযুঁজাৰ জনপ্রিয়তা বিশ্বজুৰি ব্যাপকভাৱে বৃদ্ধি পাইছিল।
তেওঁৰ স্বাভাৱিক দেহগঠন, দীঘল সোণালী চুলি, আৰু “Whatcha gonna do when Hulkamania runs wild on you?!” বুলি জনপ্ৰিয় হোৱা সংলাপেই তেওঁক জনসাধাৰণৰ মাজত এক প্ৰভাৱশালী ব্যক্তিত্বত পৰিণত কৰিছিল।
সূত্ৰ অনুসৰি, Hogan কিছুদিন ধৰি স্বাস্থ্যগত সমস্যাৰ সৈতে সংগ্ৰাম কৰি আছিল। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু হয়। WWE আৰু মল্লযুঁজাৰ বিশ্বই ইতিমধ্যে তেওঁৰ অবদানের প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
তেওঁ ৬ বাৰৰ WWE Champion আৰু WWE Hall of Fame-ৰ সদস্য আছিল। ব্যক্তিগত জীৱনত Hogan আছিল এজন সংগীতপ্ৰেমী, অভিনেতা আৰু টেলিভিছন ব্যক্তিত্ব।
তেওঁৰ মৃত্যুত WWE চেয়াৰমেন Triple Hয়ে টুইটযোগে শোক প্ৰকাশ কৰি কয় –
“Hulk Hogan was more than a wrestler – he was a cultural icon. Rest in peace, legend.”
বিশ্বজুৰি অনুৰাগীহঁতে আজি ‘Hulkamania’ৰ শেষ পাতখন পঢ়িলে।
তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।