BTR NEWS

UPPL দলত মোক্ষম আঘাত, মুজিব আলী আহমেদৰ পদত্যাগ

Telegram

UPPL দলত মোক্ষম আঘাত, মুজিব আলী আহমেদৰ পদত্যাগ

 

তামুলপুৰঃ

UPPL দলত আজি এক গুৰুত্বপূৰ্ণ ধাক্কা পৰিছে। CWC নেতা তথা গোৰেশ্বৰ LAC Co-ordinator মুজিব আলী আহমেদে দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগৰ ঘোষণা কৰিছে।

মুজিব আলী আহমেদে পত্ৰৰ জৰিয়তে নিজৰ পদত্যাগৰ কথা জনাইছে। এই পদক্ষেপে গোৰেশ্বৰ সমষ্টিত UPPL ৰ সংগঠনক মোক্ষম আঘাত হেনেছে বুলি রাজনৈতিক মহলৰ মত।

 

দলীয় কার্যকলাপ আৰু সংগঠনীয় বিষয়ত অসন্তুষ্টিৰ বাবেই এই পদত্যাগ বুলি অনুমান কৰা হৈছে। তথাপি, পদত্যাগৰ পিছত মুজিব আলী আহমেদ কোন দিশে আগবাঢ়িব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।

 

এই ঘটনা আসন্ন নিৰ্বাচনৰ প্রেক্ষাপটত UPPL ৰ বাবে গুৰুত্বপূৰ্ণ চেলেঞ্জ হৈ পৰিছে।

Exit mobile version