*Dorioli Plus ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতা*

  • Current
  • December 5, 2024
  • 0 Comments
Telegram

*Dorioli Plus ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতা।

 

 

*নিয়মাৱলী*

 

প্ৰথম পুৰস্কাৰ পাঁচ হাজাৰ। দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেষ্ঠ দলকো বঁটা প্ৰদান কৰা হব।

 

উদ্দেশ্য: *# অসমৰ ভিন্ন প্ৰান্তত থকা বিয়ানামৰ শিল্পীসকলক ৰাইজৰ সন্মুখত তুলি ধৰা।*

*# লোকশিল্পী সকলক সন্মানিত কৰা।*

*# হেৰাই যাব ধৰা বিয়ানামসমূহ উদ্ধাৰ আৰু সংৰক্ষন কৰা।*

 

💥

১) প্ৰতিটো দলত তিনি গৰাকী শিল্পী থাকিব লাগিব।

 

২) প্ৰতিযোগী দলটোৱে নিজাকৈ ম’বাইল কেমেৰাৰে বিয়ানামৰ ভিডিঅ’ (৩/৪ মিনিটৰ) ৰেকৰ্ড কৰি ১৫ ডিচেম্বৰ

২০২৪ৰ পুৰ্বে বিয়ানাম প্ৰতিযোগিতাৰ সমন্বয়ক শিল্পী মিঠু বড়োৰ 9365797914 এই WhatsApp নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব। যিকোনো বিয়ানামেই গ্ৰহণ কৰা হব।

 

৩) শিল্পীসকলে জাতীয় পোছাক পৰিধান কৰিব। (ঐক্য পোছাক পৰিধান নকৰিলেও হ’ব।)

 

৪) ভিডিঅ’ কৰোতে সঠিক পোহৰৰ ওপৰত গুৰুত্ব দিব আৰু অন্য কোলাহল যাতে নাহে সেয়া মন কৰিব। অতি নিম্ন মানৰ ভিডিঅ প্ৰচাৰ কৰিব পৰা নাযাব।

 

৫) প্ৰতিযোগিতাৰ যোগদান মাছুল ১০০ টকা অনলাইন মাধ্যমত জমা দি তাৰ তথ্য ভিডিঅ’ প্ৰেৰণ কৰা WhatsApp নম্বৰতে পঠাব লাগিব।

 

৬) প্ৰচাৰৰ অনুপযোগী ভিডিঅ’ৰ ক্ষেত্ৰত যোগদান মাছুল গ্ৰহণ কৰা নহব। অথবা উভতাই দিয়া হ’ব।

 

৭) প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰিত ১০০ নম্বৰৰ ৫০ শতাংশ নম্বৰ বিচাৰকৰ অধীন আৰু বাকী ৫০ শতাংশ নম্বৰ সংশ্লিষ্ট ভিডিঅ’ৰ কমেন্ত আৰু ভিৱাৰছৰ সংখ্যাৰ ওপৰত নিৰ্ভৰশীল হ’ব।

 

৮) ভিডিঅ’ আপলোড হোৱাৰ তিনি দিনৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পাদন কৰা হ’ব।

 

৯) প্ৰতিযোগীসকলে নিজৰ নিজৰ এখনকৈ স্থিৰ ফটো আৰু শিল্পী সকলৰ নাম আৰু ফোন নম্বৰ পঠিয়াব লাগিব।

 

১০) প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা ভিদিঅ ফলাফল ঘোষণা কৰাৰ পূৰ্বে অন্য সামাজিক মাধ্যমত প্ৰচাৰ কৰিব নোৱাৰিব।

 

১১) ৩১ ডিচেম্বৰ/২৪ তাৰিখে ফলাফল ঘোষণা কৰা হ’ব।

 

 

১২) প্ৰতিযোগীসকলে অধিক জানিবলৈ 9365797914 (মিঠু বড়ো) নম্বৰত ফোন কৰি কথা পাতিব পাৰিব। উক্ত নম্বৰতে যোগদান মাছুল অনলাইন মাধ্যমত আদায় দিব পাৰিব।

 

ধন্যবাদেৰে…

টিম ডঁৰিয়লি

 

বি: দ্র: বিয়ানামৰ এই প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে। YouTube, Facebook আদিত Dorioli Plus follow কৰি প্ৰতিযোগিতা চাব পাৰে। ৰাজ্য জুৰি এটা জাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্য আপুনিও এই বাৰ্তাটো বিয়পাই দিয়াত আগভাগ লব বুলি আশা কৰিলো। ধন্যবাদ।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *