CM ভিজিলেঞ্চৰ ধাৰাবাহিক অভিযান
গুৱাহাটী মহানগৰীৰ আনন্দ নগৰ অঞ্চলত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ দলে আয় বহিঃর্ভূত সম্পত্তিৰ ওপৰত চলোৱা তদন্তত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
এই অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰৰ শিশু উন্নয়ন প্ৰকল্প অধিকারী (CDPO) সূৰ্য বৰুৱাৰ ঘৰত অভিযান চলোৱা হয়। সূত্ৰ অনুসাৰে, বৰুৱাৰ ওপৰত আয়ৰ তুলনাত অধিক সম্পত্তি সংগ্ৰহৰ অভিযোগ উত্থাপন কৰা হৈছে। অভিযানত ঘৰৰ পৰা নগদ ধন, মূল্যবান সামগ্ৰী আৰু বিভিন্ন সন্দেহজনক নথি উদ্ধাৰ কৰা হয়।
ভিজিলেঞ্চ দলে এই নথিসমূহৰ পৰীক্ষা কৰি চুৰান্ত তথ্য সংগ্ৰহ কৰাৰ প্ৰচেষ্টা চলাইছে। এই অভিযান ৰাজ্যত দুর্নীতিৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ পদক্ষেপৰ স্পষ্ট উদাহৰণ।
এই তদন্তৰ পূৰ্ণাঙ্গ ফলাফল আৰু বিৱৰণৰ বাবে অপেক্ষা চলি আছে।