BTR NEWS

BTR নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ জিলা BPF ত খহনীয়া। 

Telegram

BTR নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ জিলা BPF ত খহনীয়া। 

 

তামুলপুৰ জিলা BPF ৰ কেইবাগৰাকী নেতা সহ BPF ৰ প্ৰায় ৫০ গৰাকী দলীয় কৰ্মীয়ে যোগ দিলে BJP ত।

 

জিলা BPF ৰ সংগঠিনক সম্পাদক বিপিন দাস,যুৱ সাংগঠনিক সম্পাদক সতেন্দ্ৰ বড়ো সহ ব্লক আৰু শাখা পৰ্যায়ৰ BPF কৰ্মীয়ে BPF ত্যাগ কৰি যোগ দিয়ে BJP ত।

 

আজি তামুলপুৰৰ শুক্লাই চেৰফাং বিজেপিৰ উদ্যোগত আয়োজিত এক যোগদান সভাত BPF এৰি আটায়কেইগৰাকী লোকে আনুষ্ঠানিক ভাবে যোগদান কৰে BJP ত দলত।

 

শুক্লাই চেৰফাং সমষ্টিৰ বৰ্তমানৰ বিজেপি পাৰিষদ ৰনেন্দ্ৰ নাৰ্জাৰী, মণ্ডল বিজেপিৰ লগতে অন্য BJP দলীয় কৰ্মীৰ উপস্থিতিত BJP ত যোগদান কৰে লোক কেইগৰাকীয়ে।

 

BPF দলে ৰাইজৰ বাবে কোনো কাম নকৰাৰ অভিযোগ তুলি ভৱিষ্যতে BPF চৰকাৰ গঠন কৰিব নোৱাৰে বুলি কৈ–শীঘ্ৰেই আন বহু BPF কৰ্মীয়েও BJP ত যোগ দিব বুলিও উল্লেখ আজি নতুনকৈ BJP ত যোগ দিয়া BPF নেতাৰ। BJP ৰ নীতি আদৰ্শক ভাল পাই BJP ত আহিছে বুলিও মন্ত্যৱ BPF ত্যাগী নেতা সকলৰ।

Exit mobile version