BTR নিৰ্বাচনক কেন্দ্ৰ কৰি লাহে লাহে গাঁও অঞ্চলতো ৰাজনৈতিক দল সমূহে বৃদ্ধি কৰিছে তৎপৰতা

Telegram

BTR নিৰ্বাচনক কেন্দ্ৰ কৰি লাহে লাহে গাঁও অঞ্চলতো ৰাজনৈতিক দল সমূহে বৃদ্ধি কৰিছে তৎপৰতা। মুঠতে পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো ৰাজনৈতিক দলে সাংগঠনিক সভাৰ লগতে অনুষ্ঠিত কৰিছে জনসম্পৰ্ক আৰু যোগদান সভাও।

আজি নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ 2 নং ডোঙাৰগাঁওৰ দৈমুগুৰীত অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান সভা। অঞ্চলটোৰ প্ৰায় তিনি শতাধিক লোকে আজি আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰাৰ পিছতে, দলৰ মজিয়াত উষ্ম আদৰণি জনায় BTR ৰ দুগৰাকী কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস, ৰনেন্দ্ৰ নাৰ্জাৰীৰ লগতে জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, সাধাৰণ সম্পাদক ভজন দাস,মণ্ডল বিজেপিৰ সভাপতি শংকৰ দাস দলীয় কর্মী বৃন্দই।

যোগদান সভাত UPPL ৰ লগতে BPF দুই শতাধিক লোকে আজি যোগদান কৰে বিজেপি দলত।

সভাত অংশ লৈ BTR ৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসৰ মন্ত্যৱ- BTR ৰ কংগ্ৰেছ দলে কোনো ভেটি নাই। কংগ্ৰেছৰ শ্লোগান- যুজঁ এখন হব শ্লোগান ইয়াত নহব। পূৰ্বে কংগ্ৰেছৰ পৰা জয়ী হোৱা পাৰিষদ আজিৰ দিনত বিজেপিত যোগদান কৰিছে। BTR ত BJP আৰু UPPL অবিহনে আন কাৰোৰ অস্তিত্ব নাই।

উন্নয়নৰ স্বাৰ্থত BTR ৰ বড়ো ভাই সকলো এতিয়া বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে। পূৰ্বতকৈ দুগুণ বৃদ্ধিৰে বড়ো ভাই সকলে বিজেপিত যোগদানে আগন্তুক সময়ত আমাৰ ভাল ফলাফল আনিব। ২৫ ৰ পৰা ৩০ খন আসন আজিৰ দিনত বিজেপিয়ে লাভ কৰাটো সক্ষম হৈ আছে।

ইপিনে জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে উন্নয়নৰ শ্লোগান লৈ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ লগতে উন্নয়নৰ স্বাৰ্থত ৰাইজ বিজেপিলৈ যোগদান কৰিবলৈ ওলাই আহিছে বুলি কয়।

  • Related Posts

    BTR নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ জিলা BPF ত খহনীয়া। 

    Telegram

    TelegramTweetBTR নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ জিলা BPF ত খহনীয়া।    তামুলপুৰ জিলা BPF ৰ কেইবাগৰাকী নেতা সহ BPF ৰ প্ৰায় ৫০ গৰাকী দলীয় কৰ্মীয়ে যোগ দিলে BJP ত।   জিলা BPF…

    তামুলপুৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা — বিটিআৰত খিলঞ্জীয়াৰ আধিপত্য আছে : 

    Telegram

    TelegramTweetতামুলপুৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা — বিটিআৰত খিলঞ্জীয়াৰ আধিপত্য আছে :    তামুলপুৰ , ১৪ জুন :   তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তামুলপুৰ জিলা বিজেপিৰ কার্যলায়ত এখন সংবাদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *