BTR NEWS

BTR নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ গুৰুতৰ অভিযোগ

Telegram

BTR নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ গুৰুতৰ অভিযোগ

 

 

বন বিভাগৰ ৪১৪ টা পদত নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উঠিছে। এই অভিযোগ উত্থাপন কৰিছে একাংশ নিযুক্তি বঞ্চিত মেধাবী প্ৰাৰ্থীয়ে।

 

তামুলপুৰত আজি বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে বন বিভাগৰ ৪১৪ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰে। কিন্তু এই নিযুক্তি প্ৰক্ৰিয়াৰ বিপৰীতে কিছু মেধাৱী প্ৰাৰ্থীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তামুলপুৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

 

অভিযোগ অনুসৰি—

 

নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা নম্বৰ তালিকা আৰু কাট-অফ মাৰ্কস প্ৰকাশ নকৰাকৈ কেৱল ৰোল নম্বৰেৰে প্ৰকাশ কৰা হৈছে।

 

ইয়াৰ ফলত নিযুক্তি প্ৰক্ৰিয়াত অৰাজকতা আৰু অস্বচ্ছতা হোৱাৰ অভিযোগ উঠিছে।

 

 

নিযুক্তি বঞ্চিত মেধাৱী প্ৰাৰ্থীয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক মুকলি প্ৰত্যাহ্বান জনাই কৈছে—

“যদি সত্যই নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ হৈ থাকে, তেন্তে নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ নম্বৰ তালিকা আৰু কাট-অফ মাৰ্কস ৰাজহুৱা কৰা হ’ব লাগিব।”

 

👉 এই ঘটনা কেন্দ্ৰ কৰি তামুলপুৰত বৰ্তমান বিতৰ্কৰ পৰিৱেশ সৃষ্টি হৈছে।

Exit mobile version