BTR ত গোৰ্খা সম্প্ৰদায়ৰ ভূমি অধিকাৰৰ দাবী পুনৰ সৰৱ
চিটকাজানত আগছুৰ জনজাগৰণ সভা – মুখ্যমন্ত্ৰীৰ ২০২১ চনৰ নিৰ্দেশনা কাৰ্যকৰী নহোৱাৰ অভিযোগ
তামুলপুৰ, ১৭ আগষ্টঃ
বিটিআৰত গোৰ্খা সম্প্ৰদায়ৰ ভূমি সমস্যাক লৈ পুনৰ সৰৱ হৈ উঠিছে সদৌ অসম গোৰ্খা ছাত্ৰ সংস্থা (AAGSU)। আজিৰ দিনটোত তামুলপুৰ জিলাৰ চিটকাজানত তামুলপুৰ জিলা আগছুৰ উদ্যোগত এক জনজাগৰণ সভা আয়োজন কৰা হয়।
সভাত বক্তাসকলে উল্লেখ কৰে, BTR ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খা সকলে প্ৰটেক্টেড শ্ৰেণীৰ অন্তৰ্গত হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ২০২১ চনত নিৰ্দেশনা প্ৰদান কৰিছিল। কিন্তু এই নিৰ্দেশনা এতিয়ালৈকে BTR ৰ কাৰ্যবাহী সমিতি (EC) ৰ হাতত কাৰ্যকৰী হোৱা নাই।
আগছুৰ কেন্দ্ৰীয় সভাপতি সুনিল ছেত্ৰীয়ে গুৰুতৰভাৱে কয়—
“যদি শীঘ্ৰেই এই নিৰ্দেশনা কার্যকৰী নহয়, তেন্তে ইয়াৰ প্ৰত্যুত্তৰ চৰকাৰে পাব লাগিব। গোৰ্খা সকলে অধিকাৰৰ ক্ষেত্ৰত বঞ্চিত হৈ থাকিব নোৱাৰে।”
তেওঁ লগতে আক্ষেপ প্ৰকাশ কৰি কয়—
“ভূমিৰ অধিকাৰৰ ক্ষেত্ৰতে নহয়, ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰতো গোৰ্খা সকলে প্ৰবঞ্চিত। লক্ষাধিক গোৰ্খা জনগোষ্ঠী BTR ত বসবাস কৰিও আজিও ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে।”
তামুলপুৰ জিলা আগছুৰ উদ্যোগত আয়োজিত এই জনজাগৰণ সভাত আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ কৰাৰ আহ্বান জনোৱা হয়। সভাত অংশগ্ৰহণ কৰা বহু গোৰ্খা জনগণে ভূমি অধিকাৰৰ দাবী পুনৰ জোৰদাৰ কৰে।