BTR NEWS

BTRৰ বিজেপি-UPPL মিত্ৰজোঁট চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন

Telegram

BTRৰ বিজেপি-UPPL মিত্ৰজোঁট চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন

 

BTR ৰ বিজেপি-UPPL মিত্ৰজোঁট চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি ১৪ ডিচেম্বৰৰ দিনা ওদালগুৰি জিলাৰ ভেৰগাঁৱত বৃহৎ উলহ-মালহেৰে উদযাপন কৰা হয়। এই বিশেষ অনুষ্ঠানত হাজাৰ-হাজাৰ লোকে অংশগ্ৰহণ কৰি উদযাপনক উৎসৱমুখৰ কৰি তোলে।

 

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বডোলেণ্ড টেৰিটোৰিয়েল কাউঞ্চিলৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) প্ৰমোদ বড়ো। তেওঁ চৰকাৰৰ বিগত চাৰিবছৰজোৰা উন্নয়নমূলক কাৰ্যসূচী আৰু বিটিআৰবাসীৰ জীৱনৰ পৰিবৰ্তনৰ বিষয়ে বক্তব্য ৰাখে। লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি চৰকাৰৰ সফলতাৰ বিষয়ে বৰ্ণনা কৰে।

 

অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান, কৃতী শিক্ষাৰ্থী আৰু সমাজসেৱকক সন্মানিত কৰা কাৰ্যসূচী অনুষ্ঠিত হয়। লগতে বস্ত্র বিতৰণ আৰু চৰকাৰী নীতি-কাৰ্য্যৰ বিষয়ে আলোচনা কৰা হয়।

 

প্ৰমোদ বড়োৱে তেওঁৰ ভাষণত চাৰিবছৰীয়া এই চৰকাৰৰ মজবুত ভেটি স্থাপন কৰাৰ কথাকে ধৰি শিক্ষা, স্বাস্থ্য, বেকাৰত্ব দূৰীকৰণ, আভ্যন্তৰীণ শান্তি প্রতিষ্ঠাৰ ক্ষেত্ৰত কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ শেহতীয়া নতুন পৰিকল্পনাসমূহ বাস্তৱায়িত কৰাৰ অঙ্গীকাৰ প্ৰকাশ কৰে।

 

অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিত্ব আৰু বিজেপি-UPPLৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ লোকৰ উপস্থিথি পৰিলক্ষিত হয়। উদযাপন অনুষ্ঠানখন বিটিআৰৰ প্ৰগতিশীল যাত্ৰাত এটা বিশেষ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

 

Exit mobile version