BTR NEWS

BTC নিৰ্বাচন পূৰ্বে ১১ বছৰৰ হত্যাকাণ্ডে তোলপাৰ বড়োভূমি ৰাজনীতি

Telegram

BTC নিৰ্বাচন পূৰ্বে ১১ বছৰৰ হত্যাকাণ্ডে তোলপাৰ বড়োভূমি ৰাজনীতি

 

সমাগত BTC নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ উত্থাপিত হৈছে ১১ বছৰ পূৰ্বে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ প্ৰসংগ। প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডক লৈ পুনৰ উত্তপ্ত হৈ উঠিছে বড়োভূমিৰ ৰাজনীতি।

 

শাসকীয় দল UPPL-ৰ বাবে এই ঘটনা এক গুৰুতৰ অস্বস্তিৰ কাৰণ হৈ পৰিছে। কিয়নো, হত্যাকাণ্ডত অভিযুক্ত এজন প্ৰভাৱশালী ব্যক্তিৰ নাম উত্থাপিত হোৱাত দলটোৰ ভেতৰেই তীব্ৰ চাপানৌতোন সৃষ্টি হৈছে।

 

প্ৰিয়া বসুমতাৰী হত্যাকাণ্ড তৎকালীন সময়ত সমগ্ৰ অঞ্চলক কঁপাই তুলিছিল। বৰ্তমান নিৰ্বাচনৰ সময়ত পুনৰ এই বিষয়টো উত্থাপন হোৱাত UPPL-ৰ বিপক্ষে এক নতুন ৰাজনৈতিক সঙ্কট সৃষ্টি হোৱাৰ আভাস দিছে।

 

বিৰোধী শিবিৰই এই ঘটনাক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি শাসকীয় শিবিৰক আক্রমণ আৰম্ভ কৰিছে। তেওঁলোকৰ দাবী, “যেতিয়া নিৰ্বাচন ওলায়, তেতিয়াহে ন্যায় বিচাৰি এই হত্যা কান্ডৰ নাম উত্থাপন হয়।”

 

ইপিনে, অঞ্চলটোৰ জনসাধাৰণে ন্যায় বিচাৰ দাবীত পুনৰ সোচ্চাৰ হৈ উঠিছে।

 

👉 সমাগত নিৰ্বাচনত এই হত্যা প্ৰসঙ্গই বড়োভূমিৰ ৰাজনীতিক সমীকৰণত কিমান প্ৰভাৱ পেলাব, সেইটো এতিয়ালৈকে চর্চাৰ মূল বিষয় হৈ পৰিছে।

 

Exit mobile version