BREAKING: মাজ নিশা শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি, গৃহস্বামীক ৰক্তাক্ত কৰি পলাই গ’ল ৭-৮ জনৰ ডকাইত দল

Telegram

মাজ নিশা শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি, গৃহস্বামীক ৰক্তাক্ত কৰি পলাই গ’ল ৭-৮ জনৰ ডকাইত দল

 

শ্ৰীভূমিত মাজ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা, যিয়ে অঞ্চলটিত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। পাথাৰকান্দি সমষ্টিৰ শশীনগৰ গাঁৱত শৈলেন পাল নামৰ ব্যক্তিৰ ঘৰত ৭-৮ জনীয়া ডকাইতৰ এক দলৰ দ্বারা সংঘটিত হয় এই ঘটনাটো।

 

প্ৰচণ্ড বৰষুণৰ মাজত ডকাইতৰ দলটো ঘৰৰ টিনপাত খুলি ভিতৰত প্ৰৱেশ কৰে। তাৰ পিছতেই তেওঁলোকে গৃহস্থৰ সকলো সদস্যক বান্ধি থৈ লুটপাত আৰম্ভ কৰে। ডকাইতে ঘৰৰ পৰা লুটি নিয়ে নগদ ধন আৰু প্ৰায় পাঁচ তুলা সোনৰ গহনা।

 

ঘটনাৰ সময়ত গৃহস্বামী শৈলেন পালে বাধা দিব খোজোঁতে ডকাইতৰ দলটোৱে তেওঁৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলায়। ফলত শৈলেন পাল গুৰুতৰভাৱে আহত হয়। তেখেতক ৰক্তাক্ত অৱস্থাত থৈ ডকাইতৰ দলটো পলাই যাবলৈ সক্ষম হয়।

 

বৰ্তমানে শৈলেন পালক চিকিৎসাৰ বাবে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছত বাজাৰিছেৰা থানাত খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

 

এই নৃশংস ডকাইতিৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে এই ঘটনাৰ তীব্ৰ নিন্দা জনাই আৰক্ষীৰ পৰা দ্রুত ব্যৱস্থা লোৱাৰ দাবি জনাইছে।

 

পুলিশৰ অনুসন্ধান অব্যাহত আছে আৰু দোষীসকলক সোনকালে বিচাৰৰ মুখামুখি কৰোৱা হ’ব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।

 

  • Related Posts

    हरंग नदी का ऊपर टूटे गए पुल को लेकर लोगों को परेशानी का सामना करना ना पड़े इसलिए उतर गया सेना।

    Telegram

    TelegramTweetहरंग नदी का ऊपर टूटे गए पुल को लेकर लोगों को परेशानी का सामना करना ना पड़े इसलिए उतर गया सेना।   पिछले मंगलवार रात को हरंग नदी के ऊपर…

    মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨

    Telegram

    TelegramTweet🚨 মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨   আজি পুৱা মুকালমুৱা অঞ্চলৰ অন্তৰ্গত লাৰকুছি পাৰ হৈ গৈ থকা এখন নাও ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়। নাওখনত বহু লোক আরোহী আছিল বুলি জানিব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *