তামুলপুৰৰ ভূটান সীমান্তৰ ২ নম্বৰ পাহাৰপুৰ বিধ্বংসী অগ্নিকাণ্ড

  • Current
  • September 6, 2025
  • 0 Comments
Telegram

তামুলপুৰৰ ভূটান সীমান্তৰ ২ নম্বৰ পাহাৰপুৰ বিধ্বংসী অগ্নিকাণ্ড

 

সাত খন ব্যৱসায়ীক প্ৰতিস্থান ভষ্মীভূত

 

৫০ লক্ষাধিক টকাৰ ক্ষতি সাধন

 

তামুলপুৰ,৬ ছেপ্তেম্বৰ-

তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ ২ নম্বৰ পাহাৰপুৰ

বজাৰ চ’কত আজি আবেলি দুইমান বজাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়

হৰি দাসৰ নামৰ এজন ব্যৱসায়ীৰ ইলেক্ট্ৰনিকচৰ দোকান,অৰ্জুন কৰৰ হাৰ্ডৱেৰ আৰু ধানৰ ভড়াল, ঘনশ্যাম শৰ্মাৰ গোলাৰ দোকান,

অৰুণ দাসৰ মোবাইল দোকান,ৰাজেশ মণ্ডলৰ চাহৰ দোকান,

ফুলমনি হাজদাৰ কাপোৰ দোকান আৰু গোবিন্দ শীলৰ চেলুন এখন ৷ জুইত জাহ যায় কেবাজনো ব্যৱসায়ীৰ দোকানৰ কেচ বক্সত জমা থকা নগদ ধনো ৷ তথ্য মতে আজি দিনৰ ভাগত

২ নম্বৰ পাহাৰপুৰ

বজাৰ চ’কৰ ব্যৱসায়ী সকলে নিজৰ ব্যৱসায়ীক প্ৰতিস্থান সমুহ বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়তে এখন গোলাৰ দোকানত জুইৰ সূত্ৰপাত হয় ৷ নিমিষতে সেই জুই আন ব্যৱসায়ীক প্ৰতিস্থানলৈ বিয়পি পৰে ৷ ব্যৱসায়ীক প্ৰতিস্থান কেইখনত দপদপাই জুই লগা প্ৰত্যক্ষ কৰাত আন ব্যৱসায়ী সমুহৰ মাজত হাহাকাৰ লগে লগে ৷ লগে লগে কোনো লোকে আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ইপিনে অগ্নি কাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি নাগ্ৰিজুলি আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুচেন দাস,কুমাৰীকাটা আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন বড়ো সহ বৃহৎ আৰক্ষীৰ দল, বন বিভাগৰ লোক,স্থানীয় এছ এছ বিৰ জোৱানে স্থানীয় লোকৰ সহায়ত জুই নিৰ্বাপনৰ চেষ্টা চলাই ৷ পিছত তামুলপুৰৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু সময় ধৰি চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ হয় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰন জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত আৰক্ষীয়ে বৈদ্যুতিক শ্বৰ্টচাৰ্কিতৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *