তামুলপুৰ জিলাৰ বৰলকুছিত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰঃ  

  • Current
  • September 3, 2025
  • 0 Comments
Telegram

তামুলপুৰ জিলাৰ বৰলকুছিত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰঃ

 

তামুলপুৰ, ৩ ছেপ্টেম্বৰঃ

 

হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত আজি আবেলি তামুলপুৰ জিলাৰ বৰলকুছিত সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ডি ভোটাৰ প্ৰত্যাহৰ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, হিন্দু বাঙালী সকলৰ ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰক, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ গ’বেক, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,উই ৱাণ্ট জাষ্টিচ ,আমাৰ দাবী নায্য দাবী আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ। ইপিনে প্ৰতিবাদ স্থলীৰ পৰাই হিন্দু বাঙালী সকলৰ ডি ভোটাৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে অনাগত দিনত গোচৰ প্ৰত্যাহাৰ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ সৰকাৰ,উপ সভাপতি কৃষ্ণ কান্ত সৰকাৰ ,তামুলপুৰ জিলা সমিতিৰ সভাপতি বিমল চন্দ্ৰ দাস ,সম্পাদক দিলীপ বিশ্বাসৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।##

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *