বিটিআৰত কোনো ৰাজনৈতিক দলে গোৰ্খাক টিকট নিদিয়াত গোৰ্খা সকলৰ মাজত তীব্ৰ অসন্তোষ :

  • Current
  • September 3, 2025
  • 0 Comments
Telegram

বিটিআৰত কোনো ৰাজনৈতিক দলে গোৰ্খাক টিকট নিদিয়াত গোৰ্খা সকলৰ মাজত তীব্ৰ অসন্তোষ :

 

৭ ছেপ্টেম্বৰত তামুলপুৰত গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সাধাৰণ সভা‌ :

 

BTR নিৰ্বাচনত গোৰ্খাসকলক‌ অৱহেলা কৰি BJP, UPPL আৰু BPF–এ কোনো পৰিষদীয় সমষ্টিতে প্ৰাথিত্ব প্ৰদান নকৰাৰ ফলত গোৰ্খা সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ উদগিৰণ ঘটিছে। এয়া খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ ডাঙৰ অপমান বুলি গণ্য কৰিছে। প্ৰত্যেক জাতি জনগোষ্ঠীৰ সম বিকাশ আৰু সম উন্নয়ন তেতিয়াহে সম্ভৱ যেতিয়া গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। ডাঙৰ ডাঙৰ জনসভা সম্বোধন কৰি সম বিকাশ আৰু সম উন্নয়নৰ কথা কোৱা UPPL, BJP, BPF তথা কংগ্ৰেছ দলে সেই কথা বাস্তৱত ৰূপায়ন কৰাৰ পৰা সদায় বিৰত আছে। এই সন্দৰ্ভত অসম গোৰ্খা সন্মিলন (বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি পিতাম্বৰ পাঠকে এক সংবাদবিজ্ঞপ্তি প্ৰকাশ কৰি কয়, “বিটিআৰৰ প্ৰত্যেক নিৰ্বাচনত গোৰ্খা ভোটাৰ সকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ পিছতো আজি গোৰ্খা সকলক অবহেলা কৰা হৈছে। প্ৰমোদ বড়ো, হাগ্রামা মহিলাৰী, আৰু BJP-ৰ জ্যেষ্ঠ নেতা দিলীপ শইকীয়া ডাঙৰীয়াৰ গোৰ্খা বিৰোধী মনোভাৱ প্ৰকাশ কৰিছে বুলি গোৰ্খা সকলে স্পষ্টকৈ বুজি পাইছে।” সংবাদবিজ্ঞপ্তিটোত উল্লেখ‌ কৰিছে যে, “আগন্তুক ৭ ছেপ্টেম্বৰ ৰবিবাৰে তামুলপুৰত অসম গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ উদ্যোগত এক সাধাৰণ সভা আহ্বান কৰা হৈছে। এই সভাত বিটিআৰ সমিতিৰ সকলো পদাধিকাৰী, BTR-ৰ অন্তৰ্গত ৫টাকৈ জিলা সমিতিৰ সভাপতি-সম্পাদক, কেন্দ্ৰীয় পদাধিকাৰী আৰু গোৰ্খা বিশিষ্ট বুদ্ধিজীৱীসকল উপস্থিত থাকিব।”

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *