অভিষেক হত্যাৰ ১০ দিন-দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল

  • Current
  • August 30, 2025
  • 0 Comments
Telegram

অভিষেক হত্যাৰ ১০ দিন-দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী

তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল

 

ৰমেন দাস,তামুলপুৰ,৩০ আগষ্ট- যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ ভড়ালী চ’কত এটা পথ দূৰ্ঘটনাৰ ফলত গণ প্ৰহাৰৰ বলি হৈ

মৃত্যু মুখত পৰা অভিষেক দাসৰ হত্যাকাণ্ডৰ দহ দিন উকলি যোৱাৰ পিছতো এজনো দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল তামুলপুৰ জিলা আৰক্ষী ৷ ৰাজ্যৰ তথাকথিত স্মাৰ্ট আৰক্ষীৰ চৰম ব্যৰ্থতাত অতিস্থ হৈ অভিষেক হত্যাকাণ্ডৰ সুবিচাৰ বিচাৰি দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰ জিলা আছু, এবছু, আৰছু, আক্ৰাছু আৰু বিভিন্ন দল সংগঠনৰ সহযোগত সহস্ৰাধীক লোকে তামুলপুৰৰ ৰাজপথত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তামুলপুৰস্থিত মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণকাৰী সকলে হাতে অভেষক দাসৰ ফটো সম্বলিত বিভিন্ন শ্ল’ গান লিখা প্লে কাৰ্ড লৈ অভিষেক হত্যাৰ বিচাৰ লাগে, অভিষেক হত্যাকাৰীক ফাঁচি দিয়ক, অসম চৰকাৰৰ গৃহ বিভাগ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্ল’ গান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে ৷ তামুলপুৰ জিলা সদৰৰে প্ৰতিবাদী সমদল কৰি প্ৰতিবাদী সকলে লেহোৰাম বড়ো ক্ষেত্ৰত এখন প্ৰতিবাদী সভাও অনুস্থিত কৰে ৷ প্ৰতিবাদী সভাত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক দীপজ্যোতি শৰণীয়াই কয়, এদল উন্মাদ লোকৰ বৰ্বৰ আক্ৰমণত মৃত্যু বৰণ কৰা অভিষেক হত্যাকাণ্ডৰ আজি দহ দিন উকলি গ’ল

৷ সমগ্ৰ ঘটনাৰ ন টাতকৈ অধিক ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হ’ল ৷ বিভিন্ন সংবাদ মাধ্যমত অভিষেক দাসৰ হত্যাকাণ্ডৰ ধাৰাবাহীক বাতৰি প্ৰচাৰ হ’ল ৷ কিন্তু তামুলপুৰ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে আজিলৈকে এজনো দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল ৷ আৰক্ষীৰ এনে বিফলতা চৰম দূৰ্ভাগ্য জনক৷ কেৱল মাত্ৰ গোচৰ ৰুজু কৰিয়েই হাত সাৱতি বহি থকা তামুলপুৰ আৰক্ষী প্ৰশাসনক ধিক্কাৰ জনাই শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই কয়, আমি অভিষেক হত্যাকাৰীৰ শাস্তি নোহোৱালৈকে ক্ষান্ত নাথাকো ৷ আজি ৰাজপথত আন্দোলন কৰিছো ৷ পৰবৰ্তী সময়ত অভিষকৰ পৰিয়ালে ন্যায় পোৱাৰ স্বাৰ্থত তামুলপুৰীয়া ৰাইজ,বিভিন্ন দল সংগঠনৰ সহযোগত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তুলিম ৷

প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিত দাসে কয়, অভিষেক হত্যাকাণ্ডই এটা কথা স্পষ্ট কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে ৷ অসমৰ যি স্মাৰ্ট আৰক্ষী বিভাগ ই এটা বিকল আৰক্ষীলৈ পৰিগণিত হৈছে ৷ যি সময়ত অভিষক হত্যাকাণ্ডৰ অডিঅ’ ভিজুৱেল সামিজিক মাধ্যমত ভাইৰেল হৈছে ৷ যিবোৰ ভিজিঅ’ত হত্যাকাণ্ড সংঘটিত কৰাৰ যথেষ্ট সমল আছে সেইবোৰ স্মাৰ্ট আৰক্ষীয়ে ভালদৰে নিৰীক্ষণ কৰি দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰক ৷ সমগ্ৰ ঘটনাত যদি কিবা ৰাজনৈতিক শুং সুত্ৰ আছে, কিবা ৰাজনৈতিক ষড়যন্ত আছে সেই ৰাজনৈতিক শক্তি সমুহক সকিয়াই দি আছুৰ তথ্য সম্পাদক ডুলুজিত দাসে কয়, এই ঘটনাত এগৰাকী খিলঞ্জীয়া যুৱক হত্যাৰ বলী হৈছে ৷ গতিকে কোনো ধৰনৰ ৰাজনীতিৰ কথা বতৰা আহিব নালাগে ৷ ৰাজনীতিৰ উৰ্ধত গৈ দোষীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আছু নেতা গৰাকীয়ে ৷ হত্যাৰ বলী হোৱা অভিষেকৰ শোকস্তদ্ধ পিতৃ মাতৃয়ে সমগ্ৰ ঘটনাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আহ্বান জনাইছিল বুলি আছু নেতা গৰাকীয়ে কয়, যদি মুখ্য মন্ত্ৰীয়ে অসম আৰক্ষীৰ দ্বাৰা ঘটনাৰ তদন্ত কৰি দোষীক চিনাক্ত কৰিব নোৱাৰে তেতিয়াহলে চিবিআইৰ হাতত সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাই ৷ অভিষেক হত্যাৰ ন্যায়ৰ বাবে যি সংগ্ৰাম আৰম্ভ হৈছে ই দীঘলীয়া হ’ব বুলি মন্তব্য কৰি আছু নেতা গৰাকীয়ে

আজি ৰাজপথত আন্দোলন হৈছে ইয়াৰ পিছত আৰু ভয়ংকৰ কাৰ্যসূচী গ্ৰহন কৰা হ’ব হুংকাৰ দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত অসম উন্নতি সভাৰ কেন্দ্ৰীয় নেতা সোনেশ্বৰ কলিতা,আক্ৰাছু নেতা ভূমিধৰ দাসৰ লগতে আৰছু, এবছুকে ধৰি কেবাটাও দল সংগঠনৰ নেতাই বক্তব্য আগবঢ়াই ৷

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *