তামুলপুৰৰ গান্ধীবাৰীত ব্লক যুৱ ইউপিপিএলৰ যোগদান কাৰ্যসূচী।

  • Current
  • August 30, 2025
  • 0 Comments
Telegram

তামুলপুৰৰ গান্ধীবাৰীত ব্লক যুৱ ইউপিপিএলৰ যোগদান কাৰ্যসূচী।

 

তামুলপুৰ জিলাৰ অন্তৰ্গত ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গান্ধীবাৰী আৰু নিজ ডেফেলীত গয়বাৰী ব্লক যুৱ ইউপিপিএলৰ উদ্যোগত আজি এক যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। আজি গান্ধীবাৰীত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত ৩০ গৰাকী মহিলা আৰু নিজডেফেলীৰ গলবেৰাত ৪০ গৰাকী যুৱকে ইউপিপিএল দলত যোগদান কৰে। যোগদান কাৰ্য্যসূচীত বিগত ৫ পাচ বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কাম কাজৰ ওপৰত আলোচনা কৰা হয়। বিটিআৰত শান্তি বাহাল ৰখাৰ স্বাৰ্থত পুনৰ বাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলকেই সমৰ্থন কৰি যাম বুলি যোগদান কৰা সকলে প্ৰতিজ্ঞা বদ্ধ হয়। এই যোগদান কাৰ্য্যসূচী গয়বাৰী ব্লক ইউপিপিএলৰ সাধাৰণ সম্পাদক কবিন চন্দ্ৰ বসুমতাৰী, গয়বাৰী ব্লক যুৱ ইউপিপিএলৰ সভাপতি অজয় বড়ো, সাধাৰণ সম্পাদক অৰুপ বসুমতাৰী, মহিলা শাখাৰ সভানেত্ৰী নিলিমা বড়ো, সম্পাদিকা ৰুপাঞ্জলী দাস আৰু জয়া বড়ো উপস্থিত থাকি এইবাৰ ইউপিপিএল দলে ২৫ খন আসন লৈ অকলে চৰকাৰ গঠন কৰিব বুলি ৰাইজক জনায়।

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *