
কুমাৰীকাটাত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি।
দৰংগাজুলি সমষ্টি ইউপিপিএলৰ দখললৈ আহিব — জলেন দৈমাৰী।
তামুলপুৰ ২৯ আগষ্ট।
বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বড়োলেণ্ডৰ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে তীব্ৰ প্ৰচাৰ অভিযান। আজি তামুলপুৰ জিলাৰ কুমাৰীকাটাত ২৬ নম্বৰ দৰঙাজুলি সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী জলেন দৈমাৰীৰ আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় এটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সহস্ৰাধিক দলীয় নেতা কৰ্মীৰ উপস্থিতিত এক মাঙ্গলিক পৰিবেশত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰি তামুলপুৰৰ বিধায়ক কথা ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰী কয়— দৰঙাজুলি পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ বিজয় নিশ্চিত। আমি জয়ী হৈ প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত পুণৰ চৰকাৰ গঠন কৰিম । বিটিআৰৰ ৩৫ লাখ জনসাধাৰণ আৰু ২৬ টা জাতি জনগোষ্ঠীৰ শান্তিৰ বাবে যোৱা পাছ বছৰে বিটিআৰত কাম কৰিছো। সেয়েহে পুণৰ আমি জয়ী হৈ বিটিআৰৰ উন্নয়নৰ বাবে কাম কৰিম। কুমাৰীকাটাত ৰাজহুৱা উদ্যান, মহান ব্যক্তি সকলৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ লগতে কুমাৰীকাটাত থকা প্ৰতিটো কেঁচা পথ পকী কৰণৰ তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি কয়– হাগ্ৰামা মহিলাৰীয়ে ৰাইজক হেলিকপ্টা দেখুৱাই ৰাইজক ঠগাই নিৰ্বাচনী প্ৰচাৰ চলাইছে। হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয় নহয় বুলিও তেওঁ মন্তব্য কৰে। দৰঙাজুলি ব্লক ইউপিপিএলৰ সভাপতি ৰাফেল দৈমাৰীয়ে আত ধৰা সভাখনত ইউপিপিএল নেতা কেশৱ ৰাজবংশী আৰু সুচিল দাসেও বক্তব্য ৰাখে। কাৰ্যালয়টো মুকলি কৰি বিধায়ক জলেন দৈমাৰীয়ে সাংবাদিকৰ আগত কয়— বিটিআৰৰ ২৬ নম্বৰ দৰংগাজুলি সমষ্টিত এইবাৰ বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ মাজত যুজ হব। কিন্তু সমষ্টিটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইউপিপিএলৰ সপক্ষে ভোটদান কৰিব ৷ দৰংগাজুলি পৰিষদীয় সমষ্টিটো ইউপিপিএলৰ দখললৈ আহিব বুলি
মন্তব্য কৰি বৰ্তমান তামুলপুৰৰ বিধায়ক হিচাপে মোৰ সমষ্টিৰ ভোটাৰ সকলৰ লগত মোৰ সু সম্পৰ্ক আছে বুলিও সাংবাদিকৰ আগত কয়।
আজিৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টো মুকলি কৰাৰ উপৰি
কেশৱ ৰাজবংশীক সভাপতি, চৰণ নাৰ্জাৰীক
কাৰ্যকৰী সভাপতি আৰু সুজন পালক সম্পাদক লৈ ৫১ জনীয়া এখন নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয়। ###