
তামুলপুৰত বিপিএফৰ আশীৰ্বাদ যাত্ৰা —
আমি ২১ খন আসনত জয়ী হৈ চৰকাৰ গঠন কৰিম — হাগ্ৰামা মহিলাৰী।
তামুলপুৰ , ২৮ আগষ্ট
অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব লগা বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে তামুলপুৰত এক আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে । তামুলপুৰ জিলাৰ অন্তৰ্গত দৰঙাজুলি , নাগ্ৰিজুলী , গয়বাৰী , শুক্লাই চেৰফাং আৰু গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ নেতা কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত বৰখাটাত অনুষ্ঠিত হয় এই আশীৰ্বাদ যাত্ৰা । তামুলপুৰ জিলা বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ পৰিচালনাত অনুষ্ঠিত এই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কয় আমি চৰকাৰ গঠন কৰাৰ পিছতেই আমাৰ দলীয় নেতা কৰ্মীসকলে দি অহা প্ৰতিশ্ৰুতিসমূহ পালন কৰিম । তেওঁ পুনৰ কয় প্ৰমোদ বড়ো চীফ হৈ আজিলৈকে কিয় গয়বাৰী সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই । ঘোষণা কৰিব পাৰিব লাগিছিল । প্ৰমোদ বড়োৱে ভয় খাই আছে । প্ৰমোদ বড়োৰ আৰু জাগা নাই । কাৰণ গয়বাৰী সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে প্ৰমোদ বড়োক এইবাৰ ভোট নিদিয়ে । হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিখনত উচ্ছেদৰ কথা উল্লেখ থকা বুলি অভিযোগ উত্থাপন কৰি বিপিএফৰ চৰকাৰ আহিলে উচ্ছেদৰ পৰিৱৰ্তে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক ভূমিৰ পত্তাহে প্ৰদান কৰা হব বুলি মন্তব্য কৰে । আজিৰ অনুষ্ঠানত তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা ২৬ নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ইমানুৱেল মোছাহাৰী , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা ২৯ নম্বৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গণেশ কছাৰী , প্ৰাক্তন বিধায়ক মনেশ্বৰ বড়ো আদিকে ধৰি কেইবা সহস্ৰাধিক নেতা কৰ্মী আৰু সমৰ্থক উপস্থিত থাকে । অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰে হোৱা এক আছুতীয়া বাৰ্তালাপত হাগ্ৰামা মহিলাৰীয়ে কয় বিটিচিত আমাতকৈ ডাঙৰ দল নাই । আমিয়েই ডাঙৰ দল । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়
হেলিকপ্টাৰৰ কেইখন ঠেং আছে হিচাপ কৰক প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে নাজানে হেলিকপ্টাৰৰ কেইখন ঠেং আছে। আন এক প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয় হেলিকপ্টাৰৰ ড্ৰাইভাৰক পইছা দিব পৰা নাই, চৰকাৰ অহাৰ পিছত পইছা দিম । এতিয়া তেল ভৰাই আছো। তেওঁ আকৌ কয় –আমি ২১ খন আসনত জয়ী হৈ চৰকাৰ গঠন কৰিম। ইপিনে সাংবাদিকে বিটিআৰ বুলিলে প্ৰশ্নৰ উত্তৰ নিদিয়ে বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় বিটিচি বুলি কলেহে মই উত্তৰ দিম। প্ৰমোদ বড়োৱে বিটিআৰ বুলি ক’লে বুলিয়েই ময়ো বিটিআৰ কম নেকি? বিটিচি বুলি ক’লেহে উত্তৰ দিম। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় নিৰ্বাচনৰ পিছত আমি অকলে চৰকাৰ গঠন কৰিম। আমি কাৰো লগত মিত্ৰতা নকৰোঁ।
বিজেপিয়ে ৩০ টাত খেলে নে ৪০ টাত খেলে সেয়া তেখেতসকলৰ কথা। আমাৰ দলে ৪০ টা সমষ্টিতে নিৰ্বাচন খেলিম আৰু আমিয়েই চৰকাৰ গঠন কৰিম। ইপিনে চৰকাৰ গঠন নকৰোতেই হাগ্ৰামা মহিলাৰীয়ে আজি ঘোষণা কৰিলে এগৰাকী কাৰ্যবাহী সদস্যৰ নাম। শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী গণেশ কছাৰীক কাৰ্যবাহী সদস্যৰ পদ দিব বুলিও তেওঁ মন্তব্য কৰে । ###