
তামুলপুৰত বিজেপি নেতাৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰৰ অভিযোগ। জিলা বিজেপিৰ সাধাৰণ সম্পাদক ভজন দাসৰ ফটো এডিটিং কৰি এটা ব্যক্তিগত চেনেলে প্ৰচাৰ কৰি জন সমাজত হেয় প্ৰতিপন্ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱ নেতা গৰাকীয়ে।
মহিলাৰ সৈতে যুৱ নেতা গৰাকীৰ মুখমণ্ডল সম্পাদিত হৈ থকা এখন ফটো চেনেলটোত সম্প্ৰচাৰ হোৱাত আজি চেনেলটোৰ বিৰুদ্ধে নাগ্ৰিজুলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
উল্লেখ যে,ৰাইজৰ মাজত যথেষ্ট সমাদাৰ লাভ কৰা যুৱনেতা গৰাকী এইবাৰ BTR নিৰ্বাচনত নাগ্ৰিজুলী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি ৰূপেও চলিছে চর্চা।
ইয়াকে লৈ একাংশ লোকে ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ভজন দাসৰ।