
তামুলপুৰত আজি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত তিনিঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ।
==============================
কুমাৰীকাটা ২৬ আগষ্ট:
তামুলপুৰ সদৰৰ মাজমজিয়াত অৱস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্দোগত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বন্ধ হৈ থকা জনজাতিৰ প্ৰমাণ-পত্ৰ অতি শীঘ্ৰে মুকলি কৰাৰ দাবী আৰু স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত এই তিনিঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনশন কাৰ্যসূচীত তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা, গণতান্ত্ৰিক নাৰী মঞ্চ আৰু শৰণীয়া কছাৰী সাহিত্য সভাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে একত্ৰিতভাবে অংশগ্ৰহণ কৰে । অনুষ্ঠিত এই অনশন কাৰ্যসূচীৰ পৰাই শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে স্বায়ত্বশাসিত পৰিষদ গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায় । শৰণীয়া কছাৰী সকলৰ সমস্যা সমাধান নহ’লে অনাগত বিটিআৰ নিৰ্বাচনত ভোট বৰ্জনৰ লগতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে। শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক দীপজৌতী শৰণীয়াই কয় বিচিৰ তিনি খন জিলাত বসবাস কৰা ৮০ শতাংশ শৰণীয়া জনগোষ্ঠীৰ লোকসকলক আগুন্তক বিটিআৰ নিৰ্বাচনৰ আগে আগে জনজাতীয় প্ৰমাণ পত্ৰ আৰু স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় অন্যথায় ভোট বৰ্জনৰ লগতে গনতান্ত্ৰিক ভাবে আন্দোলন গঢ়ি তোলা হব বুলি জানিবলৈ দিয়ে। উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সম্পাদক দীপজৌতী শৰণীয়াৰ উপৰিও দৰঙাজুলি আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা সভাপতি দিল্লেশ্বৰ শৰণীয়া, সাধাৰণ সম্পাদক বুদ্ধ শৰণীয়া, উপদেষ্টা প্ৰাঞ্জল শৰণীয়া, কেন্দ্রীয় সমিতিৰ সদস্য হিৰণ ডেকা, নাৰী মঞ্চৰ সভানেত্রী ৰুমী ডেকা, সাধাৰণ সম্পাদিকা প্ৰতিমা শৰণীয়া, ৭০০ৰো অধিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা কৰ্মকৰ্তা অংশগ্রহণ কৰে।