
তামুলপুৰত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সংবাদ মেল :
তালুকদাৰ, তামুলপুৰ , ২৩ আগষ্ট :
আমি গোর্খাসকলে বিগত ২৫ বছৰে দাবী কৰি আহিছোঁ যে চৰকাৰে গোর্খাসকলক স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে । আমি আশাবাদী অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে গোর্খা সকলে স্বায়ত্ব শাসন লাভ কৰিব । ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোর্খাসকলৰ দীৰ্ঘ দিনীয়া দাবী পূৰণ হব বুলি আমি আশাবাদী —- এই ভাষ্য সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীৰ । তামুলপুৰ জিলাৰ অন্তৰ্গত মটঙা পার্কত আজি দিনৰ ভাগত এখন সংবাদ মেল সম্বোধন কৰি তেওঁ এই মন্তব্য কৰে। সংবাদ মেলত তেওঁ বিভিন্ন ৰাজনৈতিক দলক উদ্দেশ্য কৰি পুনৰ কয় উপযুক্ত ঠাইত গোর্খাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে । তেওঁলোকক জিকাই অনাৰ চেষ্টা কৰিব লাগে । তেওঁলোকক জিকাই অনাৰ দায়িত্ব দলৰ । দলে চেষ্টা কৰিলে পাৰে । অকল প্ৰাৰ্থীত্ব দি দায় সৰাৰ চেষ্টা কৰিব নালাগে । কি কৰে চাওঁ । যদি আমাৰ দাবী কোনো ৰাজনৈতিক দলে মানি নলয় বা পূৰণ নকৰে তেতিয়াহলে কিবা এটা ব্যৱস্থাটো লবই লাগিব । কাৰণ জাতিক উপলুঙা কৰিব , দুই চাৰিজনক টোপোলা দিব , তাকে লৈটো এটা জাতি জীয়াই থাকিব নোৱাৰে । আমাৰ জাতিৰ আশা আছে , আকাংক্ষা আছে । তেওঁ অতি আক্ষেপেৰে কয় আজিলৈকে বিটিচিত আমাৰ ই এম এজন নাই । কিমান দুৰ্ভাগ্যজনক কথা । বিটিচিৰ এই খনেই অঞ্চল যত আমাৰ মানুহে এম এল এ খেলিছে । আমাৰ গোর্খা মানুহ মন্ত্ৰী হৈছে । কিন্তু আজি সেই অঞ্চলত আমাৰ মানুহ এম চি এল এ খেলিবলৈ মস্কিল হৈছে । ই এম হবলৈ মস্কিল হৈছে । বিগত ২৫ বছৰত আমাক ইমান ৰাজনৈতিকভাৱে প্ৰতাৰণা কৰা হৈছে ।
সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় মুখ্যমন্ত্ৰী মহোদয়ে গোর্খা সকলক স্বাভিমানেৰে জীয়াই থাকিবলৈ দিয়াৰ বাবে প্ৰয়াস কৰিছে । তেখেত কিছু ক্ষেত্ৰত সফল হৈছে , কিছু ক্ষেত্ৰত সফল হব পৰা নাই । সংবাদ মেলত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নুমল ছেত্ৰী , উপ সভাপতি ৰাজু বাজগাই , সঞ্জীৱ চৌহানকে ধৰি কেইবাজনো ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে । ##