
বিটিআৰ চৰকাৰৰে ৪১৪ গৰাকী নিবনুৱা যুৱক যুৱতীক নিযুক্তি ।
৮৪ গৰাকীক বনবিষয়া আৰু ৩৩০ গৰাকী বন কৰ্মীক নিযুক্তি।
তামুলপুৰ শ্ৰীমন্ত শংকৰদেৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই সকল নৱ নিযুক্তি বন বিষয়া আৰু বন কৰ্মীক নিযুক্তি প্ৰদান কৰে বিটিআৰ চৰকাৰে।
নিযুক্তি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, তামুলপুৰ বিধায়ক জলেন দৈমাৰী, বন বিভাগৰ মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰ বন বিভাগৰ সঞ্চালক চি ৰমেশৰ লগতে কেইবাগৰাকীও জিলা বন বিষয়া উপস্থিত থাকে।
নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰমোদ বড়োৱে সকলোকে নিষ্ঠা সহকাৰে কাম কৰি বিটিআৰ গছ গছনি বচাবলৈ আহ্বান জনাই।
নিযুক্তি পত্ৰ বিতৰণ কৰি সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি কয়–
👉 হাগ্ৰামা মহিলাৰীয়ে ভগৱানৰো আশীৰ্বাদ লওক ৰাইজৰো পৰা আশীৰ্বাদ লওক। হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত কেইবিঘা মাটি দিছে। আমাক ভয় কৰি ৫ বছৰে বিটিআৰৰ বিধান পৰিষদত আহিব পৰা নাই। যি মানুহৰ সাহস নাই তেও কি ডাঙৰ কথা কব।
বিটিআৰত বিজেপি আৰু ইউপিপিএল নিৰ্বাচনত খেলে তেনে হলে দিশপুৰত মিত্ৰতা থাকিবন?
👉 আমি বিজেপিৰ সৈতে জটিলতাত যাব বিচৰা নাই। আমি জিকবৰ কাৰণে নিৰ্বাচন খেলিম। আমিও কাম কৰি আছো। ৰাইজ আমাৰ লগত আছে।