নাগ্ৰীজুলি সাপ্তাহিক বজাৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। প্ৰাক্তন কংগ্ৰেছী, সাধাৰণ ৰাইজৰ খবৰ লোৱাৰ লগতে পৰিয়ালৰ সদস্যৰো খবৰ ললে গৌৰৱ গগৈয়ে। 

Telegram

নাগ্ৰীজুলি সাপ্তাহিক বজাৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। প্ৰাক্তন কংগ্ৰেছী, সাধাৰণ ৰাইজৰ খবৰ লোৱাৰ লগতে পৰিয়ালৰ সদস্যৰো খবৰ ললে গৌৰৱ গগৈয়ে। 

ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰে, নতুন চিন্তাধাৰা বিচাৰে- গৌৰৱ গগৈ।

 

ৰাইজে এতিয়া কংগ্ৰেছক আগতকৈ বেছি গুৰুত্ব দিছে, মৰম দিছে- গৌৰৱ গগৈ।

 

নাগ্ৰীজুলি, ১৬ আগষ্ট-

 

বিটিআৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ বিটিআৰত ৰাজনৈতিক পৰিবেশ আকৰ্ষণীয় হৈ পৰিছে। কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ এখন কৰ্মী সভাত অংশ লোৱাৰ পিছত আজি আবেলি বিশাল কনভয় লৈ নাগ্ৰীজুলিত আহি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ। নাওকাটাত এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি তেওঁ নাগ্ৰীজুলিত উপস্থিত হয়। নাগ্ৰীজুলিত উপস্থিত হৈয়ে গৌৰৱ গগৈয়ে তামুলপুৰ জিলা কংগ্ৰেছৰ সভাপতি যশৱন্ত চৌহান, অসম প্ৰদেশ সমিতিৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলাম, অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি প্ৰাণেশ্বৰ বসুমতাৰী, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞাকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতা – কৰ্মী আৰু স্থানীয় কংগ্ৰেছ কৰ্মীক লগত লৈ নাগ্ৰীজুলি সাপ্তাহিক বজাৰত প্ৰৱেশ কৰে। গৌৰৱ গগৈয়ে সাপ্তাহিক বজাৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক দেখা কৰিবলৈ শ শ পুৰুষ মহিলা , বৃদ্ধ, যুৱক-যুৱতী ভীৰ কৰে। পুৰুষ-মহিলা যুৱক-যুৱতী সকলে বজাৰৰ মাজতেই গৌৰৱ গগৈৰ লগত চেল্ফি আৰু ফটো তোলাৰ বাবে হেতা ওপৰা লাগে। গৌৰৱ গগৈয়ে বজাৰত পদব্ৰজে গৈ সৰ্বসাধাৰণ ৰাইজ, দোকানী, পথচাৰী আদিৰ লগত কৰমৰ্দন কৰি অলপ আলোচনা কৰে।।নেতা গৰাকীয়ে ৰাইজৰ খবৰ লোৱাৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ লোকৰ খা- খবৰ সুধি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰায় ৩০ মিনিট সময় নাগ্ৰীজুলি সাপ্তাহিক বজাৰ ভ্ৰমণ কৰে। ইয়াৰ মাজতে তেওঁ কেইবাগৰাকীও প্ৰাক্তন কংগ্ৰেছ কৰ্মীক লগ ধৰি তেওঁলোকৰো পৰিয়ালৰ অৱস্থাৰ বুজ লয়। নাগ্ৰীজুলি বজাৰ পৰিভ্রন কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয়- আজি নাগ্ৰীজুলি বজাত আহি মই যিদৰে সাধাৰণ ৰাইজৰ লগত আলাপ আলোচনা কৰিব পাৰিছোঁ, এটা খুব ভাল পৰিস্থিতি, এটা খুব ভাল পৰিবেশ দেখিছোঁ। আমি ইয়াত উপস্থিত থকা ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ ঘৰৰ বুজ লবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে আমাক যি মৰম দিলে আমি ভৱিষ্যতে কাম কৰিবলৈ সাহস পাম। সংবাদ মাধ্যমৰ আন এক প্ৰশ্নৰ উত্তৰত গগৈয়ে পুনৰ কয়- ৰাইজে এতিয়া পৰিৱৰ্ত্তন বিচাৰিছে, একেখিনি মানুহ, একেখিনি দল ৰাইজে আৰু কিমান বছৰ চাই থাকিব বা ভোট দি থাকিব। ৰাইজে এতিয়া কংগ্ৰেছক নতুন সুযোগ দিব বিচাৰে। তেওঁ পুনৰ কয় – মই দেখিছো ৰাইজে এতিয়া কংগ্ৰেছক আগতকৈ বেছি গুৰুত্ব দিছে, মৰম দিছে। ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে, নতুন চিন্তাধাৰা বিচাৰিছে যাক আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। উল্লেখ্য যে গৌৰৱ গগৈ নাগ্ৰীজুলিত উপস্থিত হোৱাৰ লগে লগে জেষ্ঠ্য কংগ্ৰেছ নেতা মিত্ৰলাল শৰ্মাই গৌৰৱ গগৈক গোর্খা সম্প্ৰদায়ৰ টুপী আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

  • Related Posts

    নাগ্ৰিজুলীত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৰ জনসংযোগ অব্যাহত

    Telegram

    TelegramTweetনাগ্ৰিজুলীত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৰ জনসংযোগ অব্যাহত   BTC নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সমগ্ৰ অঞ্চল জুৰি তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত…

    নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

    Telegram

    TelegramTweetনাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।   স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।   ৯ ছেপ্টেম্বৰ-   বিটিচি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *