কোকৰাঝাৰত বিজেপিৰ ভিতৰুৱা সংঘাত গুমাত মন্ত্ৰী অশোক সিংহলৰ সভাত দুই গোটৰ মাজত হুলস্থূল; মঞ্চত প্ৰৱেশত বাধা প্ৰাক্তন সভাপতিক

Telegram

 

কোকৰাঝাৰত বিজেপিৰ ভিতৰুৱা সংঘাত

গুমাত মন্ত্ৰী অশোক সিংহলৰ সভাত দুই গোটৰ মাজত হুলস্থূল; মঞ্চত প্ৰৱেশত বাধা প্ৰাক্তন সভাপতিক

 

কোকৰাঝাৰ, ২ আগষ্ট:

বিজেপিৰ ভিতৰুৱা অন্তঃকন্দল এতিয়া খোলাখুলি ৰূপত ওলাই আহিছে। আজি কোকৰাঝাৰৰ গুমাত আয়োজিত এখন সভাত বিজেপি নেতাসকলৰ মাজত খণ্ডযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। সভাত উপস্থিত আছিল ৰাজ্যিক মন্ত্ৰী অশোক সিংহল।

 

বিতৰ্কৰ সূচনা ঘটে যেতিয়া মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি নীলেশ্বৰ ৰায় সভাৰ মঞ্চত উঠিবলৈ চেষ্টা কৰে। কিন্তু মঞ্চত থকা এগৰাকী নেতাই তেখেতক বাধা দিয়ে। ফলস্বৰূপে তর্ক-বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ পৰা পৰিস্থিতি তীব্ৰ ৰূপ লৈ দুই ফৈদৰ মাজত চেঁচা-পেঁচি, ধাক্কাধাক্কিলৈ পৰ্য্যায় যায়।

 

মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিতেই এই ঘটনা সংঘটিত হোৱাৰ ফলত দলৰ শৃংখলাত গুৰুতৰ প্ৰশ্ন উঠিছে। স্থানীয় ৰাইজ আৰু বিজেপি সমৰ্থকৰ মাজতো এই ঘটনা গভীৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

 

অনুষ্ঠানটোত উপস্থিত দলীয় কৰ্তৃপক্ষ ঘটনাটো নিৰপেক্ষভাৱে তদন্ত কৰাৰ আশ্বাস দিয়ে যদিও, এই ঘটনাই পুনৰ এটি প্ৰশ্ন উত্থাপন কৰিছে—ভিতৰৰ অন্তঃকন্দলৰে বিজেপিৰ সংগঠন কি দিশলৈ গৈ আছে?

 

  • Related Posts

    বি টি আৰত জনমৰমত অভিভূত মুখ্যমন্ত্ৰী, একাধিক জনসভাত স্মৃতিমধুৰ সময়

    Telegram

    TelegramTweetবি টি আৰত জনমৰমত অভিভূত মুখ্যমন্ত্ৰী, একাধিক জনসভাত স্মৃতিমধুৰ সময়   বোধোলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়নৰ (BTR) সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা কেইদিন ধৰি বি টি আৰত উপস্থিত থাকি জনসাধাৰণৰ মৰম-চেনেহত অভিভূত…

    কংগ্ৰেছ দলেই আমাৰ শত্ৰু, আমাৰ আৰু কোনো শত্ৰু নাই” — BTRত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনমুখী মাৰাথন সভা

    Telegram

    TelegramTweet  “কংগ্ৰেছ দলেই আমাৰ শত্ৰু, আমাৰ আৰু কোনো শত্ৰু নাই” — BTRত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনমুখী মাৰাথন সভা   📍কোকৰাঝাৰ/বঙাইগাঁও: Bodoland Territorial Region (BTR)ৰ আগন্তুক নিৰ্বাচনৰ প্ৰেক্ষাপটত অসমৰ মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *