অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দা মাৰি আহত ছামিউল হকৰ মৃত্য

  • Crime
  • July 29, 2025
  • 0 Comments
Telegram

অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দা মাৰি আহত ছামিউল হকৰ মৃত্য

 

গুৱাহাটী ২৯ জুলাই:

জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দা মাৰি যোৰেৰে আহত হোৱা ছামিউল হক নামৰ এগৰাকী যুৱকৰ অৱশেষত মৃত্য হোৱা হৈছে। দুৰ্ঘটনাটোৰ পিছত চিকিৎসাধীন অৱস্থাত থকা ছামিউল আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে।

 

ঘটনাটো সংঘটিত হৈছিল কালি সন্ধিয়া তামুলপুৰ জিলাৰ এক পথত, য’ত নন্দিনী কাশ্যপে চালিত বাহনে পথ পাৰ হ’ব খোজা ছামিউলক খুন্দা মাৰে। স্থানীয় ৰাইজৰ সহায়ত ততাতৈয়াকৈ ছামিউলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু মূৰৰ গুৰুতৰ আঘাতৰ ফলত তেওঁক বচাব নোৱাৰিলে চিকিৎসকে।

 

ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কিছু সময়ৰ বাবে যানবাহন চলাচলো ব্যাহত হয়। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে বাহনখন জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে, যদিও অভিনেত্ৰী কাশ্যপৰপৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে পোৱা হোৱা নাই।

 

মৃত ছামিউল হক তামুলপুৰ জিলাৰ এগৰাকী সম্ভ্রান্ত পৰিয়ালৰ সদস্য আছিল। তেওঁৰ অকাল মৃত্যুতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

 

  • Related Posts

    • Crime
    • August 10, 2025
    • 3 views
    • 1 minute Read
    EGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender

    Telegram

    TelegramTweetEGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender Guwahati, August 10: An East Guwahati Police District (EGPD) team from Bhagaduttapur Out Post has successfully recovered a stolen Oppo A57 mobile…

    • Crime
    • August 9, 2025
    • 4 views
    • 1 minute Read
    EGPD Rescues Missing Minor Girl Within Hours

    Telegram

    TelegramTweetEGPD Rescues Missing Minor Girl Within Hours   In a swift and coordinated operation, a team from Basistha Police Station under East Guwahati Police District (EGPD) successfully rescued a missing…

    Leave a Reply

    Your email address will not be published. Required fields are marked *