
সংখ্যালঘু নেতাৰ অসমীয়া ভাষা বিদ্বেষী বক্তব্য — আছুৰ প্ৰতিক্ৰিয়া ৷
তামুলপুৰঃ১০ জুলাইঃ
সংখ্যালঘু সংগঠন এবিএমছুৰ এগৰাকী নেতাই অসমীয়া ভাষা বিদ্বেষী বক্তব্য দি অসমীয়া ভাষাৰ বিৰুদ্ধাচৰণ কৰাত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে —
অসমীয়া ভাষাটো ইমান দুৰ্বল নহয় যে একাংশ অসমীয়া বিদ্বেষী মানুহে ক’লেই অসমীয়া ভাষাটো নিশ্চিহ্ন হৈ যাব ৷ অসমীয়া ভাষাৰ বিৰুদ্ধে কথাকৈ এটা কথা প্ৰমাণ হ’ল যে সেই শ্ৰেণীৰ লোক সকল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত জীণ যাব পৰা নাই ৷ অসমীয়া জাতি সত্বাৰ প্ৰতি তেওঁলোকৰ বিৰাগৰ বহিপ্ৰকাশ ঘটিছে ৷ অসমীয়া ভাষাৰ এটা দীঘলীয়া ইতিহাস আছে ৷ এই ধৰণৰ দুস্কৃতিকাৰীৰ এই মানসিকতাক নিঃশেষ কৰিবলৈ হ’লে অসম চুক্তিৰ ছয় নম্বৰ দফাক লৈ গঠিত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বিকল্প নাই ৷ অসমীয়া ভাষা কোনোবা ৰাম যদু মধুৱে নকলে বুলিয়েই অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট হব, এই ধৰণৰ ব্লেকমেইলিং বহু সময় ধৰি অসমত চলি আছে ৷ এই ধৰণৰ অসমীয়া বিৰোধী চক্ৰৰ এই চক্ৰান্ত কোনো কালে সফল হব নোৱাৰে ৷ এই ব্লেকমেইলিং আমি সহ্য নকৰো বুলি কয় আছু নেতাগৰাকীয়ে ।