তামুলপুৰৰ লতিবাৰীত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

Telegram

তামুলপুৰৰ লতিবাৰীত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

 

কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আমাৰ বিদ্যালয় বিশ্ববিদ্যালয় সমূহত আৰম্ভ কৰক – ডুলুজিৎ দাস

 

তামুলপুৰ , ৭ জুলাই :

 

সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ শক্তিশালী শাখা লতিবাৰী শাখা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানটি কালি তামুলপুৰ জিলাৰ অন্তৰ্গত লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক পৰাগ দাসৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানটিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হীৰকজ্যোতি দাসে ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাস আৰু উলুবাৰী আঞ্চলিক হাইস্কুলৰ শিক্ষক মহেশ বৈশ্য ৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক নয়নজ্যোতি কলিতা, সাংগঠনিক সম্পাদক সৌৰভ দাস, জিলা কাৰ্যনিৰ্বাহক দ্বীপজ্যোতি দাস, দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক কৌশিক ডেকা, শংকৰদেৱ শিশু নিকেতন , লতিবাৰীৰ প্ৰধান আচাৰ্য উপেন কাকতি , তামুলপুৰ জিলা উন্নতি সভাৰ বিত্ত সম্পাদক মনোজ কলিতা, শিক্ষক সমত চন্দ্ৰ দাস , ববিতা ৰাভা , চম্পা ৰাভা জিতুমনি কলিতা, অধিবক্তা প্ৰদীপ দাসকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ প্ৰাক্তন ছাত্ৰ নেতা দীপাংকৰ দাসে আঁত ধৰা অনুষ্ঠানটিত ৪২ গৰাকী কীৰ্তিমানক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ স্বাস্থ্য বিষয়া ডাঃ কামেশ্বৰ বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰাখে উলুবাৰী আঞ্চলিক হাইস্কুলৰ শিক্ষক মহেশ বৈশ্য আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাসে ৷ মহেশ বৈশ্যই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ৰখা বক্তব্যত কয় ছাত্ৰ ছাত্ৰীসকল জ্ঞানপুষ্ট হৈ নিজৰ অভিভাৱকে দেখা সপোন পুৰণ কৰিব লাগিব ৷ মহেশ বৈশ্যই লগতে কয় ছাত্ৰ ছাত্ৰীসকলে সপোনবোৰ টোপনিত থাকোতে নহয় সাৰে থাকি সপোন দেখিব লাগিব ৷ ছাত্ৰ নেতা ডুলুজিৎ দাসে তেওঁৰ বক্তব্যত কয় অসমৰ শিক্ষা ব্যৱস্থাটোত সমস্যাৰ শেষ নাই । তাৰ মাজতো প্ৰয়োজনীয় শিক্ষক নোহোৱাকৈ, আন্তঃগাঁথনি নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ ছাত্ৰ ছাত্ৰীক পঢ়াৰ ক্ষেত্ৰত ৰজাঘৰীয়াই পৰ্যাপ্ত সা-সুযোগ দিব লাগিব ৷ তাৰ উপৰিও তেওঁ বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক দিনত ছাত্ৰ ছাত্ৰীসকলক সমাগত প্ৰযুক্তি , কৃত্ৰিম বুদ্ধিমত্তাৰ পৃথিৱীখনত নিজকে খাপ খুৱাই ৰাখিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় । ইয়াৰ উপৰি ৰজাঘৰীয়াক কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম শীঘ্ৰে আৰম্ভ কৰিবলৈও তেওঁ আহ্বান জনায় ৷ ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ পুনৰ কয় যে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে সমাজৰ সৰ্বদিশৰ নেতৃত্ব লৈ সমাজখনক আগবঢ়াই নিয়াৰ দায়িত্বও ছাত্ৰ ছাত্ৰীসকলে লব লাগিব ৷ সভাখনিত শলাগৰ শৰাই কাৰ্যসূচীটি আগবঢ়াই লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সমত চন্দ্ৰ দাসে ।

ইপিনে সিদিনা পুৱাৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে লতিবাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণ ৰাজবংশীয়ে ৷ পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ###

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *