মহানগৰীৰ জ্যোতিকুছি জ্যোতিশ্ৰী নগৰত দিনজোৰা বিনামূলীয়া চিকিৎসা শিৱিৰ আয়োজন।

Telegram

মহানগৰীৰ জ্যোতিকুছি জ্যোতিশ্ৰী নগৰত দিনজোৰা বিনামূলীয়া চিকিৎসা শিৱিৰ আয়োজন ।

গুৱাহাটীৰ পৰা বিশেষ প্ৰতিবেদন সৰিফুদ্দিন আহমেদ:

১৯ নবেম্বৰ ২৪।

গুৱাহাটীৰ জ্যোতিকুছি জ্যোতিশ্ৰী নগৰত পাৰিষদ বিজু মেধিৰ উদ্যোগত আৰু USTM (University of Science and Technology Meghalaya)ৰ সহযোগত দিনজোৰা বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়।

 

এই শিৱিৰত জ্যোতিশ্ৰী নগৰৰ বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। বিনামূলীয়া চিকিৎসাৰ লগতে শিৱিৰত উপস্থিত লোকসকলক প্ৰয়োজনীয় ঔষধ বিনামূলীয়া বিতৰণ কৰা হয়।

 

চিকিৎসাৰ সুবিধা লৈ শতাধিক অংশগ্ৰহণ

চিকিৎসা শিৱিৰত শতাধিক লোকে অংশগ্ৰহণ কৰি প্ৰাথমিক চিকিৎসাৰ সুবিধা গ্ৰহণ কৰে। বিশেষজ্ঞ চিকিৎসকসকলৰ পৰামৰ্শ লাভ কৰাৰ লগতে সঠিক চিকিৎসা আৰু স্বাস্থ্য-সম্পৰ্কীয় তথ্য লাভ কৰে।

 

এই শিৱিৰত স্বাস্থ্যৰক্ষাৰ বিষয়ে লোকসকলক সজাগ কৰি প্ৰাথমিক চিকিৎসাৰ গুৰুত্ব বুজোৱা হয়। পৰিষদ বিজু মেধিয়ে জনস্বাস্থ্য সুৰক্ষাৰ বাবে এনে কাৰ্যসূচী অহাবধি চলাই নিব বুলি সদৰি কৰে।

 

স্থানীয় ৰাইজৰ পৰিস্থিতি উন্নত কৰাৰ এক নতুন পদক্ষেপ

শিৱিৰ সফল আয়োজনৰ বাবে স্থানীয় লোকসকলে পাৰিষদ বিজু মেধি আৰু USTMৰ প্ৰশংসা কৰে। এনে কাৰ্যসূচীয়ে ৰাইজৰ স্বাস্থ্যৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি স্থানীয়সকলে আশাপ্ৰকাশ কৰে।

 

  • Related Posts

    ৰাজনীতি কৰিলে মোৰ দৰে কৰিব লাগে: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

    Telegram

    TelegramTweetৰাজনীতি কৰিলে মোৰ দৰে কৰিব লাগে: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য   অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদায়েই তেওঁৰ স্পষ্টবাদিতা আৰু আত্মবিশ্বাসী বক্তব্যৰ বাবে চর্চালৈ আহে। বৰ্তমান সময়ত তেওঁৰ এটা…

    गुवाहाटी: असम में निवेशक जागरूकता और निवेशक संरक्षण को मजबूत करना

    Telegram

    TelegramTweetगुवाहाटी: असम में निवेशक जागरूकता और निवेशक संरक्षण को मजबूत करना   गुवाहाटी, 5 फरवरी, 2025 प्रतिभूति बाजार में निवेशकों के हितों की रक्षा और निवेशकों की जागरूकता को बढ़ावा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *