তামুলপুৰত হাতীৰ আক্ৰমনত নিহত এজনঃ চিনাক্ত হোৱা নাই পৰিচয় ৷
তামুলপুৰ, :
তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত বগাজুলিত কালি নিশা প্ৰায় দহ বজাত এটি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু হয়। স্থানীয় লোকৰ মতে নিহত লোক জন
ৰ মানসিকভাৱে অসুস্থ ৷অঞ্চলটোত ঘুৰাঘুৰি কৰি থাকে লোকজনে ৷হয়তো কালি নিশা পথচোৱাৰে বগাজুলি সংৰক্ষিত বনাঞ্চলৰ পৰা হাতীৰ জাক পাৰ হৈ যাওঁতে হাতীৰ সতে মুখামুখি হৈছিল ৷ জাকৰ এটা হাতীয়ে লোকজনক আক্ৰমণ কৰি পথৰ কাষতে থকা জংঘললৈ টানি নি তাতেই পেলায় থৈ গৈছিল ৷ আজি পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে কুমাৰীকাটা বনবিভাগ ক জনোৱাত বনবিভাগৰ লোক উপস্থিত হৈ আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মুছলপুৰলৈ মৰনোত্তৰ পৰীৰ কাৰনে প্ৰেৰন কৰা হয় , প্ৰায় ৪০ বছৰ বয়সীয়া এই লোকজন ৰ পৰিচয় বাতৰি লিখা সময়লৈকে পোৱা হোৱা নাই। মৃতদেহটো চিনাক্তকৰণৰ বাবে মুছলপুৰৰ ডাঃ ৰবিৰাম বড়ো চিভিল হাস্পতালৰ মৰ্গত ৰখা হৈছে বুলি কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ গোহাঁয়ে জনাইছে ।