সোণৰ পদক প্ৰাপক বিশিষ্ট সংস্কৃত পণ্ডিত,ন্যায় ব্যাকৰণ শাস্ত্ৰী বিশ্বনাথ ভট্ৰাচাৰ্য্যৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ 

Telegram

সোণৰ পদক প্ৰাপক বিশিষ্ট সংস্কৃত পণ্ডিত,ন্যায় ব্যাকৰণ শাস্ত্ৰী বিশ্বনাথ ভট্ৰাচাৰ্য্যৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ 

 

 

তামুলপুৰঃ২৮ জুনঃ

 

 

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত শিক্ষক,সোণৰ পদক প্ৰাপক বিশিষ্ট সংস্কৃত পণ্ডিত তামুলপুৰ জিলা সদৰস্থ ভকতপাৰা নিবাসী বিশ্বনাথ ভট্টাচাৰ্যৰ যোৱা ১৮ জুনৰ দিনা পৰলোকপ্ৰাপ্তি ঘটে ৷ আজি তেওঁৰ পবিত্ৰ আদ্ৰশ্ৰাদ্ধৰ দিনা ভকতপাৰাৰ বাসভৱনত পৰিয়াল আৰু বিভিন্ন দল সংগঠন আৰু অনুৰাগী সকলৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি বিশিষ্ট পণ্ডিত গৰাকীৰ স্মৃতিচাৰণ কৰা হয় ৷

আজি দিনৰ ১২ বজাত তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানটোৰ শুভৰাম্ভণি কৰা হয়। মাল্যাৰ্পণ কৰে সংস্কৃত পণ্ডিত গৰিকীৰ সহধৰ্মিনী বাসন্তী ভট্ৰচাৰ্য্য তথা পৰিয়ালৰ সদস্য আত্মীয়- স্বজনে ৷ বন্তিপ্ৰজ্বলন কৰে ক্ৰমে বিধায়ক জলেন দৈমাৰী, বিশিষ্ট শিক্ষাবিদ সতীশ চন্দ্ৰ শৰ্মা,হেমন্ত কুমাৰ ৰাভা, পৌৰপতি বাণীকান্ত বসুমতাৰী,জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ৷ তামুলপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গনেশ ৰাভাই সঞ্চালনাত আৰম্ভ হয় এখন স্মৃতিচাৰণ সভা। সভাত বিশিষ্ট শিক্ষাবিদ সতীশ চন্দ্ৰ শৰ্মাই কয় — বিশ্বনাথ ভট্ৰচাৰ্য্য এগৰাকী এনে ব্যক্তি আছিল, যি গৰাকী ব্যাক্তিয়ে নিজক জীয়াই ৰাখিবলৈ কৰ্ম কৰি গৈছিল ৷তেওঁ কয় যে কৰ্মই হে মানুহৰ ধৰ্ম ৷ গতিকে মানুহে কৰ্ম কৰিহে ধৰ্মক জীয়াই ৰাখিব লাগে ৷ আমাৰ কৰ্মত হে অধিকাৰ আছে ফলত অধিকাৰ নাই। সেয়ে মানুহে জীয়াই থাকিব লাগিলে কৰ্ম কৰি যাব লাগিব ৷ তেতিয়া হে সকলোৰে ক্ষেত্ৰত ধৰ্ম ৰক্ষা পৰিব। বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, সহকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক অভি নাৰায়ণ ব্ৰহ্মই বিশ্বনাথ ভট্টাচাৰ্যৰ শিক্ষকতা সমাজসেৱা, সংস্কৃত বিষয়ত পাণ্ডিত্য কি দৰে পৰিচয় দিবলৈ সক্ষম হৈছিল তাৰ আলোচনা কৰে ৷ এগৰাকী তেখেতৰ ছাত্ৰ পৌৰপতি বাণীকান্ত বসুমতাৰী আৰু চৰিত্ৰ ৰাম ডেকাই ছাত্ৰ জীৱনত সংস্কৃত বিষয়ত অধ্যয়ন কৰি সংস্কৃত পণ্ডিত গৰাকীৰ পৰা পোৱা মৰমে কি দৰে তেওলোকৰ জীৱন ধন্য কৰিছিল তাৰ বৰ্ণনা দি

শিক্ষক গৰাকীক স্মৰণ কৰে। পৰিয়ালৰ হৈ নাতিয়েক অমন গোস্বামীয়ে ককাকৰ জীৱন আৰু জ্ঞানৰ পৰিসৰ সন্দৰ্ভত বক্তব্য ৰাখি ককাকক স্মৰণ কৰে ৷ দুপৰীয়া স্মৃতিচাৰণ সভাৰ সামৰণি পৰে। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ নাৰায়ণ চন্দ্ৰ ব্ৰহ্ম , অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ উপ সভাপতি ব্ৰজেন্দ্ৰনাথ ডেকা,শাখা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ নাথ, বড়ো সাহিত্য সভাৰ হৰেন্দ্ৰ নাথ বড়ো , তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা জ্যেষ্ঠ নাগৰিক মঞ্চৰ কৰ্মকৰ্তা, পৰিয়ালৰ আত্মীয় স্বজন আৰু শুভাকাংক্ষী সকল উপস্থিত আছিল।##

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *