তামুলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা। 

Telegram

তামুলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা। 

 

তামুলপুৰ ২৬

 

বিশ্ব ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি তামুলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু তামুলপুৰ আৰক্ষী থানাৰ সহযোগত তামুলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত বাল্য বিবাহ, মানৱ সৰবৰাহ আৰু ড্ৰাগছৰ ওপৰত এখন সজাগতা সভা অনুস্থিত হয়। সজাগতা সভাত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ শ্বংলাই বক্তব্য ৰাখি কয়— গাঁওৰক্ষী বাহিনীয়ে বিভিন্ন সময়ত বাল্য বিবাহ, মানৱ সৰবৰাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আহিছে। অনাগত দিনতো গাঁওৰক্ষী বাহিনীয়ে অসামাজিক কাম কাজৰ বিৰুদ্ধে কাম কৰি সমাজখনক আগুৱাই লৈ যাবলৈ আহ্বান জনাই। গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে বাল্য বিবাহ, মানৱ‌ সৰবৰাহ, ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ খৱৰ লাভ কৰিলে ওচৰৰ আৰক্ষী থানা বা আৰক্ষী চকীত খৱৰ দিয়াৰ বাবেও আহ্বান জনাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে।‌ তামুলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক (অবৈতনিক) দিলীপ দাসে ও বাল্য বিবাহ, মানৱ সৰবৰাহ আৰু ড্ৰাগছ বিৰুদ্ধে সজাগ হৈ কম কৰিবলৈ গাঁওৰক্ষী বাহিনীৰ সদস্য সকলক আহ্বান জানাই। আজিৰ এই সজাগতা সভাখনত তামুলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীৰ অধিনৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদকৰ লগতে শতাধিক সদস্য উপস্থিত থাকে।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *