
তামুলপুৰত বডোলেণ্ড চিইএম (CEM )কাপৰ গয়বাৰী সমষ্টি ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ সামৰণিঃ
গান্ধীবাৰী ভিচিডিচি চূড়ান্ত বিজয়ী
শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা ধুৰুমচাৰ দৈমাৰীলৈ
তামুলপুৰ, ২৫ জুনঃ
বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ” শান্তি আৰু ঐক্যৰ জৰিয়তে ফুটবল ” শীৰ্ষক বাণীৰে যোৱা কালিৰে পৰা আৰম্ভ হোৱা প্ৰথম বডোলেণ্ড চিইএম কাপ ফুটবল কাপৰ ২৮নং গয়বাৰী সমষ্টিৰ চূড়ান্ত ফুটবল খেল প্ৰতিযোগিতা খনি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি বিয়লি অনুষ্ঠিত হয় ৷ আজি চূড়ান্ত খেলখন শুভ উদ্বোধন কৰে শুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন বড়োই ৷ চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰি গান্ধীবাৰী ভিচিডিচি ফুটবল দলে কালাকুছি ভিচিডিচিক ২-০ গ’লত পৰাস্ত কৰি চূড়ান্ত বিজয়ী হয় ৷ খেলৰ অন্তত টিচিএলচিচিৰ অধ্যক্ষ পবিত্ৰ নাৰ্জাৰীয়ে আঁতধৰা বঁটা বিতৰণী সভাত বঁটাসমূহ বিতৰণ কৰে তামুলপুৰ জিলা ইউপিপিএলৰ সম্পাদক গণেশ নাথ,তামুলপুৰ জিলা ইউপিপিএলৰ প্ৰশাসনিক সম্পাদক বাণেশ্বৰ বড়ো,ইউপিপিএল নেতা প্ৰশান্ত ৰামচিয়াৰী,জয়ন্ত শৰ্মা আদিয়ে ৷
ধুৰুমচাৰ বড়োই শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা
আজিৰ খেল খন পৰিচালনা কৰে চুগৌমচাৰ বড়ো,গজেন শৰণীয়া,তৰুণ ৰাজবংশী আৰু খৌৰম বড়োই ৷##