তামুলপুৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা — বিটিআৰত খিলঞ্জীয়াৰ আধিপত্য আছে : 

Telegram

তামুলপুৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা — বিটিআৰত খিলঞ্জীয়াৰ আধিপত্য আছে : 

 

তামুলপুৰ , ১৪ জুন :

 

তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তামুলপুৰ জিলা বিজেপিৰ কার্যলায়ত এখন সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলখন সম্বোধন কৰি মন্ত্ৰী বৰুৱাই কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এঘাৰ বছৰীয়া কাৰ্যকালত ৮১ কৌটি লোকক অন্ন সুৰক্ষা আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে । ৪ কৌটি লোকক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়া হৈছে । ১৫ কৌটি লোকক জল জীৱন মিছন আঁচনিত অন্তৰ্ভুক্ত কৰি খোৱা পানী যোগানৰ ব্যৱস্থা কৰা হৈছে । প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত বছৰি ছয় হাজাৰ টকাকৈ ৩.৭ লাখ কৌটি টকা দিয়া হৈছে । ৭ কৌটি কৃষকক কীশান ক্ৰেডিট কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে । তেওঁ আকৌ কয় অসমত ১৪ খন নতুনকৈ এইমছ স্থাপন কৰাৰ কাম চলি আছে । ৫৫ কৌটি লোকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে । কোভিদৰ সময়ত ২২০ কৌটি লোকক কোভিড ভেকচিন দিয়া হৈছে । তামুলপুৰত মেডিকেল কলেজ , জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম চলি আছে । মাটি আৰু শিশুৰ স্বাস্থ্যৰ বাবে এইখন চৰকাৰে কাম কৰি আছে । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় জল জীৱন মিছনৰ কাম ২০২৮ চনলৈ বৃদ্ধি কৰা হৈছে যদিও ২০২৬ বা ২০২৭ চনৰ ভিতৰতে জল জীৱন মিছনৰ অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । গৌৰৱ গগৈৰ সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় গৌৰৱ গগৈৰ ৰাষ্টা ভুল হোৱাৰ বাবে আজি তামুলপুৰলৈ আহিছে। তেওঁ আচলতে ধুবুৰীলৈ হে যাব লাগিছিল। গৌৰৱ গগৈৰ যুঁজ ধুবুৰীত হ’ব । বিটিআৰত নহয়। বিটিআৰত পাকিস্তানী নাই। বিটিআৰত খিলঞ্জীয়া লোকৰ আধিপত্য আছে। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় হাগ্ৰামা মহিলাৰীৰ লগত মোৰ ব্যক্তিগতভাৱে ভাল । সেইকাৰণে মই সিদিনা কোকৰাঝাৰলৈ যাওতে তেওঁক লগ কৰিছোঁ । আজিৰ এই সংবাদ মেলখনত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্তৰ কুমাৰ দাস , বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধর্ম নাৰায়ণ দাস , ৰনেন্দ্ৰ নাৰ্জাৰী , পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰী , হেমন্ত কুমাৰ ৰাভা , তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো , সম্পাদক লক্ষী দাস , যুৱ নেতা কৰণ ছেত্ৰী আদিকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে ।

  • Related Posts

    নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

    Telegram

    TelegramTweetনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা : তামুলপুৰ , ১৬ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব…

    গোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ

    Telegram

    TelegramTweetগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ গোৰেশ্বৰ, ১৫ ছেপ্টেম্বৰঃ   বিটিআৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে গোৰেশ্বৰত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজিৰ দিনটোত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *