তামুলপুৰত ৰাভা সকলৰ কৃষিভিত বায়খো উৎসৱ উদযাপন ৷

Telegram

তামুলপুৰত ৰাভা সকলৰ কৃষিভিত বায়খো উৎসৱ উদযাপন ৷

তামুলপুৰঃ১২জুনঃ

তামুলপুৰ আঞ্চলিক বায়খো সমিতিৰ উদ্যোগত বৰবেলবাৰী বায়খো থলীত জেঠ মাহৰ পূৰ্ণিমাৰ দিনা দ্বাদশ বাৰ্ষিক বায়খো উৎসৱ দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা বায়খো পূজাৰ বেদী স্থাপনৰ পিছত বিশ্বশান্তিৰ বাবে এযোৰ পাৰ চৰাই উৰুৱাই দিয়া হয়। ৮ বজাত বায়খো পূজাৰ ধৰ্মধ্বজা উত্তোলন কৰে বায়খো উৎসৱ উদযাপন সমিতিৰ সভাপতি ধনেশ্বৰ ৰাভাই ৷পিছত স্মৃতি তৰ্পন ৯ বজাত মুখ্যদ্বাৰ উন্মোচন কৰে প্ৰভাত চন্দ্ৰ ৰাভাই। পিছত গছপুলি ৰোপন খেল ধেমালি প্ৰতিযোগিতাআবেলি কৃষ্টি সমাৰোহ আৰু ধৰ্মালোচনী সভা মুকলি কৰে বায়খো হৰি কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কামেশ্বৰ ৰাভাই। সভাত মুখ্যঅতিথিৰ আসন অলংকৃত কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। বিধায়ক জলেন দৈমাৰী এম চি এল এ হেমন্ত কুমাৰ ৰাভা আৰছুৰ প্ৰাক্তন সভাপতি মনেশ্বৰ ৰাভা তামুলপুৰ জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি সুৰেন ৰাভা খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবেন ৰাভা প্ৰমুখ্যে বিশিষ্ট ব্যাক্তি?সকল উপস্থিত থাকে ৷ অনুষ্ঠানতে তামুলপুৰস্থ ৰাভ জনগোষ্ঠীৰ শিল্পীৰ দল সমূহে ৰাভা লোকনৃত্য পৰিবেশ কৰি উপস্থিত সকলোকে আপ্লুত কৰে। সন্ধিয়া বন্তি প্ৰজলন আৰু কিশা সাংস্কৃতিক অনুষ্ঠানত ৰূপাঞ্জলি ৰাভাৰ গীতৰ শৰাই আগবঢ়োৱা হয়।

  • Related Posts

    • Current
    • September 17, 2025
    • 9 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 15 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *