বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব —-দিলীপ শইকীয়া।

Telegram

বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব —-দিলীপ শইকীয়া।

তামুলপুৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন।

তামুলপুৰ, ৬ জুন।

 

বিটিআৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে। বিটিআৰ দখলৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে পাচ মন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বক বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টি পৰ্যবেক্ষণ কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে দায়িত্ব অৰ্পণ কৰাৰ লগতে জিলাই জিলাই কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰিছে বিজেপিয়ে। আজি তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৬ পৰিষদীয় সমষ্টিৰ বিজেপি নেতৃত্বৰ উপস্থিত গান্ধীবাৰীত তামুলপুৰ জিলা বিজেপিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা অনুস্থিত হয়। তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহ সভাখনত আগন্তুক বিটিআৰ নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয়। সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, বিটিআৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, ধৰ্ম নাৰায়ণ দাস, এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, সাধাৰণ সম্পাদক ৰাজেশ বড়ো, সম্পাদক লক্ষী দাসৰ লগতে ৬ টা মণ্ডলৰ বিজেপি নেতা কৰ্মী সকল উপস্থিত থাকে । কাৰ্যনিৰ্বাহ সভাৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়— আজিৰ কাৰ্যনিৰ্বাহ সভাখনত বিটিআৰ নিৰ্বাচনত বিজেপিয়ে কেনেকৈ অৱতীৰ্ণ হয় তাৰ পুংখানুপুংখ ভাবে আলোচনা কৰা হৈছে। আমি সকলোৱে সাজু হৈছো বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হবৰ বাবে। এখন শান্তিপূৰ্ণ বিটিআৰ আৰু বিকশিত বিটিআৰ কৰাৰ বাবে অহা ৫ বছৰত অধিক কেনেকৈ শক্তিশালী ভাৱে কাম কৰিব পৰা যায় তাৰ বাবেও আজিৰ সভাখনত আলোচনা কৰা হৈছে। সাংবাদিক আন এক প্ৰশ্ন উত্তৰত শইকীয়াই কয় —-আগন্তুক বিটিআৰ নিৰ্বাচন বিজেপিয়ে ৪০ টা পৰিষদীয় সমষ্টিতে নিৰ্বাচন খেলিম। আমাৰ লক্ষ্য বিটিআৰ দখলৰ কৰা নহয়। আমাৰ লক্ষ্য বিটিআৰৰ ৩৫ লাখ ৰাইজক সেৱা কৰা। গৌৰৱ গগৈয়ে আগন্তুক বিটিআৰত নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰি বিজেপি দলক বিটিআৰ নিৰ্বাচনত হেৰুৱাব বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিক সুধা প্ৰশ্ন উত্তৰত সভাপতি গৰাকীয়ে কয় — ৪০ টা সমষ্টিতে কংগ্ৰেছ দলক নিৰ্বাচন খেলিবলৈ তেওঁ আহ্বান জনায় ৷ গৌৰৱ গগৈয়ে বিটিআৰত নিৰ্বাচন খেলি বিজেপিক হৰুৱাই চৰকাৰ গঠন কৰাৰ যি সপোন দেখিছে তাৰ দ্বাৰা কংগ্ৰেছে পুনৰ বিটিআৰত হত্যা হিংসা অৰাজকতাৰ দিন ঘুৰি অহাটো বিচাৰিছে ৷ ইপিনে আগন্তুক বিটিআৰ নিৰ্বাচনত প্ৰমোদ বড়োৰ বিৰুদ্ধে বিজেপি দলে প্ৰাৰ্থী নিদিয়া সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়- –বল এতিয়া প্ৰমোদ বড়োৰ কৰ্টত ৷ বিজেপিয়ে প্ৰাৰ্থী দিয়া নিদিয়াটো তেওঁৰ ওপৰতহে সিদ্ধান্ত ল’ব। আমাৰ লক্ষ্য বিটিআৰৰ ৩৫ লক্ষাধিক লোকক সেৱা কৰাৰ বাবে আমি নিৰ্বাচনত অৱতীৰ্ণ হম ৷ কিয়নো বিটিআৰৰ ৰাইজে বিজেপি দলে চৰকাৰ গঠন কৰাটো বিচাৰিছে বুলি মন্তব্য কৰে।

  • Related Posts

    BTR নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ জিলা BPF ত খহনীয়া। 

    Telegram

    TelegramTweetBTR নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ জিলা BPF ত খহনীয়া।    তামুলপুৰ জিলা BPF ৰ কেইবাগৰাকী নেতা সহ BPF ৰ প্ৰায় ৫০ গৰাকী দলীয় কৰ্মীয়ে যোগ দিলে BJP ত।   জিলা BPF…

    BTR নিৰ্বাচনক কেন্দ্ৰ কৰি লাহে লাহে গাঁও অঞ্চলতো ৰাজনৈতিক দল সমূহে বৃদ্ধি কৰিছে তৎপৰতা

    Telegram

    TelegramTweetBTR নিৰ্বাচনক কেন্দ্ৰ কৰি লাহে লাহে গাঁও অঞ্চলতো ৰাজনৈতিক দল সমূহে বৃদ্ধি কৰিছে তৎপৰতা। মুঠতে পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো ৰাজনৈতিক দলে সাংগঠনিক সভাৰ লগতে অনুষ্ঠিত কৰিছে জনসম্পৰ্ক আৰু যোগদান সভাও।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *