খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত দুই শতাধিক গছপুলি ৰোপন।

Telegram

খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত দুই শতাধিক গছপুলি ৰোপন।

প্ৰাক্তন ছাত্ৰ বিশ্বজিত বসাকে বৃক্ষৰোপন কৰি সম্বৰ্ধনা জনালে শিক্ষাগুৰুক।

 

নাগ্ৰীজুলি, ৫ জুন-

 

সমগ্ৰ বিশ্বৰ লগতে তামুলপুৰ জিলাৰ নাগ্ৰীজুলিস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদতো আজি দুই শতাধিক গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপনৰ প্ৰকমুহূৰ্তত বিদ্যালয় প্ৰধান ৰবেন ৰাভাৰ পৌৰাহিত্যত পৰিবেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা ৰোধৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলক লৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়ৰ জেষ্ঠ্য বিজ্ঞান শিক্ষক দীপক কুমাৰ পাঠকে সাম্প্ৰতিক সময়ত বিভিন্ন কাৰণত হোৱা বনাঞ্চল ধ্বংস যজ্ঞৰ ফলত সমগ্ৰ বিশ্বতে গোলকীয় উছৱতাৰ যি কুফল, অ’জন বিন্ধাৰ কুফল, সামাজিক বনানিকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কত ছাত্ৰ-ছাত্ৰী সকলক বিতংকৈ বুজাই কয়। সভাৰ অন্তত বিদ্যালয় চৌহদত গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক দয়াল দাস আৰু তামুলপুৰ জিলা যুৱ বিজেপিৰ কোষাধক্ষ বিশ্বজিত বসাকে। ইয়াৰ পিছতেই বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে আজি বিদ্যালয় চৌহদত তিনি শতাধিক বিভিন্ন মূল্যবান গছপুলি ৰোপন কৰি গছপুলি সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰে। খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবেন ৰাভাই প্ৰকাশ কৰা মতে বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিটিআৰ প্ৰশাসনৰ পৰা খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে দুশডাল বিভিন্ন মূল্যবান গছপুলি দিয়া হৈছিল। ইয়াৰোপৰি বিদ্যালয়খনৰ ছাত্র- ছাত্ৰী সকলে লৈ অনা আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা তামুলপুৰ জিলা যুৱ বিজেপিৰ কোষাধক্ষ বিশ্বজিত বসাকে অনা গছপুলি সহ প্ৰায় তিনি শতাধিক গছপুলি বিদ্যালয় চৌহদত ৰোপণ কৰা হয় আৰু গছপুলি সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। গছপুলি ৰোপনৰ পিছতেই বিশ্বজিত বসাকে খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

  • Related Posts

    • Current
    • September 18, 2025
    • 2 views
    • 1 minute Read
    ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

    Telegram

    TelegramTweet২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  আমি কোকৰাঝাৰত দিয়া টকা কত গৈছে বিটিআৰ ৰাইজে নাজানে। বিটিৰাত এন্দুৰ, নেগুনি থকাৰ বাবে বিটিআৰত উন্নয়ন…

    • Current
    • September 17, 2025
    • 11 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *