তামুলপুৰত ৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি*

Telegram

*তামুলপুৰত ৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি*

 

*তামুলপুৰ, ৫ জুন, ২০২৫* : “যোগ কেৱল শৰীৰৰ কাৰণেই নহয়, মনৰ কাৰণেও।”— বুলি তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত ৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় এখন সভাৰ আৰম্ভণিতেই উল্লেখ কৰে। তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত আয়ুষ সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছন, অসমে জাৰি কৰা যোগ সম্পৰ্কীয় এছ অ’ পি সম্পৰ্কে বিতংকৈ আলোচনা কৰা হয়। সভাৰ সিদ্ধান্তমৰ্মে তামুলপুৰৰ কচুবাৰীস্থিত শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত ২১ জুনৰ ৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচী জিলা প্ৰশাসন আৰু পতঞ্জলিৰ উদ্যোগত অনুষ্ঠিত হ’ব। অৱশ্যে তাৰ আগৰ পৰাই জিলাখনৰ বিভিন্ন ঠাইত যোগ সম্পৰ্কীয় প্ৰতিযোগিতা তথা অনুশীলন অনুষ্ঠিত হ’ব।জিলাখনত বছৰ বছৰ ধৰি যিসকল লোকে যোগৰ অনুশীলন কৰি আহিছে, সেই জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰো পোষকতা কৰে জিলা আয়ুক্তগৰাকীয়ে। আজিৰ সভাখনত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া, আৰ্মী-এছ এছ বি আদিৰ বিষয়া, আৰক্ষী বিষয়া, পতঞ্জলিৰ বিষয়ববীয়া, যোগ-অনুষ্ঠানৰ বিষয়ববীয়া, বিভাগসমূহৰ মুৰব্বী আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এইবাৰৰ ৰাষ্ট্ৰীয় যোগ দিৱসৰ থীম হৈছে— “য়োগা ফৰ্ ৱান আৰ্থ, ৱান হেল্থ।”

  • Related Posts

    • Current
    • June 18, 2025
    • 2 views
    • 1 minute Read
    বৰলীপাৰত বৰলীয়া নদীৰ খহনীয়াঃশ্ৰমদান কৰি প্ৰতিৰোধ দিহা ৷ কৰিলে ৰাইজে 

    Telegram

    TelegramTweet  বৰলীপাৰত বৰলীয়া নদীৰ খহনীয়াঃশ্ৰমদান কৰি প্ৰতিৰোধ দিহা ৷ কৰিলে ৰাইজে @ তামুলপুৰ জিলাৰ মাজেৰে বৈ যোৱা বৰলীয়া নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ ওলাই আহিছে বৰলীয়াপাৰৰ ৰাইজ ৷ শ্ৰমদান কৰি বাঁহৰ…

    উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️

    Telegram

    TelegramTweet🛑 উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️   এইবাৰ খিলঞ্জীয়াৰ মাটিৰ ৰক্ষাৰ বাবে কঠোৰ হুঁশিয়াৰী দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। চৰাইদেউত সাংবাদিকৰ কেমেৰাৰ সন্মুখত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *