২৪ বাহিনী এছএছবিৰ উদ্যোগত হাতী মানুহৰ সংঘাতৰ ওপৰত সজাগতা সভাঃ

Telegram

২৪ বাহিনী এছএছবিৰ উদ্যোগত হাতী মানুহৰ সংঘাতৰ ওপৰত সজাগতা সভাঃ

তামুলপুৰ,৪ জুনঃ

২৪ বাহিনী এছএছবি ৰঙিয়াৰ গাইডেনচ’ক বিঅপিৰ উদ্যোগত আজি বনৰীয়া হাতীৰ আক্ৰমণৰ বিৰুদ্ধে এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । স্থানীয় জনসাধাৰণৰ মাজত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত এই অনুষ্ঠানত বন বিভাগৰ ৩ জন কৰ্মচাৰী আৰু ৩০ জন স্থানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বন বিভাগৰ লোকে সজাগতা সভাত বনৰীয়া হাতীৰ আচৰণ আৰু অকলশৰীয়া হাতীয়ে
সম্পত্তিৰ ক্ষতিসাধন কৰিলে লৱলগীয়া সতৰ্কতামূলক ব্যৱস্থাৰ কথা জনসাধাৰণৰ আগত বৰ্ণনা কৰা হৈছিল৷ এই সজাগতা সভাতে বন বিভাগৰ কৰ্মচাৰীৰ যোগাযোগ নম্বৰ স্থানীয় জনসাধাৰণৰ মাজত উল্লেখ কৰা হৈছিল। ২৪ বাহিনী এছ এছ বি ৰঙিয়াৰ কমাণ্ডেণ্ট এইচ কে গুপ্তাৰ নিৰ্দেশনাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত সহকাৰী কামাণ্ডেণ্ট সনোজ ৰাজ, পৰিদৰ্শক গুনীন্দ্ৰ দাস আৰু বি অ পি গাইডেনচৌক, ২৪ বি এন এছ এছ বি ৰঙিয়াৰ প্ৰায় ১০ জন জোৱানে অংশগ্ৰহণ কৰে।###

  • Related Posts

    • Current
    • June 19, 2025
    • 6 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 5 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *