*তামুলপুৰ জিলা প্ৰশাসনৰ ৰাজহুৱা আহ্বান*
*তামুলপুৰ, ৩১ মে’, ২০২৫* : অবিৰত বৰষুণৰ পৰিপ্ৰেক্ষিতত আৰু অহা কেইদিনমানৰ ভিতৰত তামুলপুৰ জিলাত পাতলীয়া তথা মজলীয়া ধৰণৰ বৰষুণৰ পূৰ্বাভাস ভাৰত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে। তামুলপুৰ জিলাৰ সকলো নাগৰিককে মাছ ধৰা, সাঁতোৰা, ফটো উঠা আদিৰ বাবে নদী আৰু জলাশয়ৰ ওচৰলৈ নাযাবলৈ জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীয়ে আহ্বান জনাইছে । বাৰিষাৰ এই সময়ছোৱাত সকলোকে নিজৰ বহুমূলীয়া সামগ্ৰী, কাপোৰ, বাচন-বৰ্তন, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আদি ওখ স্থানত ৰাখিবলৈ তেওঁ আহ্বান জনাইছে। লগতে অতি দৰকাৰ নহ’লে ঘৰৰ বাহিৰলৈ নোলাবলৈও তেওঁ ৰাইজক আহ্বান জনাইছে। আনহাতে যিকোনো সমস্যাৰ বাবে ৰাইজে ৯৩৮৭৮-৯৩৩৯৪ আৰু ০৩৬২৪-১০৭৭ (২৪×৭) নম্বৰত যোগাযোগ কৰিব পাৰিব।