ৰাজ্যিক পৰ্য্যায়লৈ নিৰ্বাচিত পাঁচটা দ’ল  নলবাৰী ডায়েটত ” বাল- বৈজ্ঞানিক প্ৰদৰ্শনী “

Telegram

ৰাজ্যিক পৰ্য্যায়লৈ নিৰ্বাচিত পাঁচটা দ’ল 

নলবাৰী ডায়েটত ” বাল- বৈজ্ঞানিক প্ৰদৰ্শনী “

 

তামুলপুৰ,৩০ মে’:

 

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, গুৱাহাটীৰ নিৰ্দেশনামৰ্মে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান নলবাৰীৰ উদ্যোগত আৰু তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাৰ পূৰ্ণ সহযোগত তামুলপুৰ জিলাৰ ষষ্ঠ ৰ পৰা দ্বাদশ শ্ৰেণীৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰী সকলক সামৰি ৩০ মে’,২০২৫ ইং তাৰিখে দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক” বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা বাল বিজ্ঞান প্ৰদৰ্শনী “অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে উপস্থিত থাকে ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় অধ্যক্ষ ড° পাৰ্থ ফুকন মহন্ত, নলবাৰী ডায়েটৰ জেষ্ঠ প্ৰৱক্তা মুনিন্দ্ৰ মালাকৰ, ৰাজকদমতল বালিকা বিদ্যাপীঠ হাইস্কুলৰ বিজ্ঞান শিক্ষক চন্দ্ৰামিতা শৰ্মা৷ শিশুৰ বিজ্ঞান প্ৰদৰ্শনী আৰু ছাত্ৰ- ছাত্ৰীৰ মাজত ইয়াৰ ধনাত্মক প্ৰভাৱ সম্পর্কে বিস্তাৰিত ৰূপত সবিশেষ ব্যাখ্যা আগবঢ়াই অনুষ্ঠানটোৰ সমন্বয়কদ্বয় ডায়েট নলবাৰীৰ প্ৰবক্তা দিগন্ত মেধি, ৰাকেশ নাথ আৰু কুলেন্দ্ৰ মালাকৰে। প্ৰতিযোগিতাখনিত ৫ টা দলক ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত কৰা হয়। সেই অনুসৰি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুটা, বেতনা হাইস্কুল, গোৰেশ্বৰ, আদৰ্শ বিদ্যালয়, তামুলপুৰ আৰু ৰামেচুবুৰী উচ্চ মাধ্যমিক বিদ্যালয় দল মনোনিত কৰা হয়। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, নলবাৰীয়ে জিলাখনৰ শৈক্ষিক উত্তৰণত যথেষ্ঠ উদগণিমূলক অৰিহণা যোগাই আহিছে আৰু লগতে শৈক্ষিক দিশত এক সুকীয়া মান ৰাখিবলৈ জিলাখনত বিভিন্ন সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হৈছে।##

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    শিলচৰত নিচা-চোৰাংচোৱাৰ বিরোধী অভিযান | ৩.০৯৫ কেজি মৰ্ফিন জব্দ

    Telegram

    TelegramTweet🔴 শিলচৰত নিচা-চোৰাংচোৱাৰ বিরোধী অভিযান | ৩.০৯৫ কেজি মৰ্ফিন জব্দ   এক বিশ্বাসযোগ্য গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে বিশেষ অভিযান চলাইছে শিলচৰ বাইপাছত। অভিযানৰ সময়ত শিলচৰ থানাৰ অন্তৰ্গত স্থানত মণিপুৰৰ…

    • Current
    • June 21, 2025
    • 2 views
    • 2 minutes Read
    11th International Yoga Day Celebrated in Tamulpur*

    Telegram

    TelegramTweet*11th International Yoga Day Celebrated in Tamulpur* *Tamulpur, 21 June 2025* : The 11th International Yoga Day was celebrated today at the Mahaprabhu Sri Sri Gopal and Jagannath Than Satra…

    Leave a Reply

    Your email address will not be published. Required fields are marked *