উচ্ছেদৰ পৰিবৰ্তে বিটিআৰত বসবাস কৰা লোক সকলক ভূমিপট্টা প্ৰদান কৰক বিটিচি চৰকাৰে—- টাইছন হুছেইন

Telegram

উচ্ছেদৰ পৰিবৰ্তে বিটিআৰত বসবাস কৰা লোক সকলক ভূমিপট্টা প্ৰদান কৰক বিটিচি চৰকাৰে—- টাইছন হুছেইন

 

তামুলপুৰ, ২৫ মে’:

 

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত জালাহ ৰাজহ চক্ৰৰ গাতি নামৰ এখন গাঁৱত বাছি বাছি ১৬ টা মুছলমান পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিছে এবিএমছুৱে৷ আজি এবিএমছুৰ সভাপতি টাইছন হুছেইনে তামুলপুৰত সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় বিটিআৰত আৰু কোনোপধ্যেই বুল্ডোজাৰ চলাবলৈ দিয়া নহ’ব। উচ্ছেদৰ পৰিবৰ্তে বিটিআৰত বসবাস কৰা লোক সকলক ভূমি পট্টা প্ৰদান কৰিবলৈহে বিটিআৰ চৰকাৰক দাবী জনায় ছাত্ৰ নেতাজনে। তেওঁ কয় ২০০৩ চনৰ বিটিচি চুক্তিৰ ৪.৩ (ক ) দফা আৰু ষষ্ঠ অনুসূচীৰ ৩(খ) অনুচ্ছেদ মতে ২০১০চনত বিটিচি গঠন হোৱাৰ পূৰ্বৰ পৰা এই অঞ্চলত বসবাস কৰি থকা প্ৰতিটো পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ গেৰাণ্টি প্ৰদান কৰিছে আৰু ২০২০ চনত নিৰ্বাচনৰ সময়ত ইউপিপিএল দলৰ নিৰ্বাচনী ইষ্টাহাৰত এই কথা স্পষ্টকৈ উল্লেখ কৰিছিল যে বিটিচিত প্ৰমোদ বড়োৰ চৰকাৰ আহিলে ভূমিপট্টা প্ৰদান কৰা হব৷ এবিএমছুৱে জন্মলগ্নৰে পৰা এই কথা কৈ আহিছে যে এই অতীজৰে পৰা যি সকল লোকে বিটিচিত বসবাস কৰি আহিছে তেওঁলোকক ভূমি পট্টা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগে। কিন্তু প্ৰমোদ বড়োৰ চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰি ভাৰতীয় সংবিধানৰ ১৪ নং দফাৰ উলংঘা কৰিছে। ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে সকীয়নি দি ছাত্ৰ নেতাজনে উল্লেখ কৰে যে ২০২৩ চনত খাচ মাটি, ফৰেষ্ট লেণ্ডত বসবাস কৰা লোকক উচ্ছেদৰ জাননী দিওতে এবিএমছুৱে কৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ দৰে এইবাৰো যিকোনো মূল্যৰ বিনিময়ত উচ্ছেদৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমৰে বৃহৎ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব। বিটিআৰত প্ৰমোদ বড়োৰ উচ্ছেদৰ যি ষড়যন্ত্ৰ ইয়াক এবিএমছুৱে কেতিয়াও সফল হ’ব নিদিয়ে৷ বৰঞ্চ উচ্ছেদৰ পৰিবৰ্তে বিটিআৰত বসবাস কৰা লোক সকলক ভূমিপট্টা প্ৰদান কৰিবকলৈহে বিটিচি চৰকাৰক এবিএমছুৱে দাবী জনায়। অন্যথা উচ্ছেদৰ সৈতে এবিএমছুৱে যি কোনো পৰিস্থিতিৰ সতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু হৈ থকা বুলি সদৰী কৰে ছাত্ৰ নেতা জনে। ইফালে এই উচ্ছেদৰ বিৰুদ্ধে নীৰৱ হৈ থকা স্থানীয় এমচিএলএ গৰাকীকো তীব্ৰ সকিয়নী প্ৰদান কৰি এবিএমছুৰ সভাপতি গৰাকীয়ে আগন্তুক সময়ত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰতো বুল্ডোজাৰ চলাব বুলি সকীয়নি প্ৰদান কৰে। ইপিনে শেহতীয়া ভাৱে কেন্দ্ৰৰ নিৰ্দেশত অসমত বংলাদেশী লোক সকলক চিনাক্ত কৰি আটক কৰা ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এবিএমছুৰ সভাপতি টাইছন হুছেইন কয়- দাড়ি টুপী দেখা পালেই চৰকাৰে বাংলাদেশী বুলি আটক কৰে। কিমান গৰাকী বাংলাদেশীক চৰকাৰে বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰিলে— তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰে এবিএমছুৰ সভাপতি টাইছন হুছেইনে।###

  • Related Posts

    • Current
    • June 21, 2025
    • 4 views
    • 2 minutes Read
    BTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa

    Telegram

    TelegramTweetBTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa   Furthering the Bodoland Territorial Region (BTR) administration’s commitment to ensuring sustainable and gainful employment across…

    • Current
    • June 21, 2025
    • 4 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    Leave a Reply

    Your email address will not be published. Required fields are marked *