তামুলপুৰ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন আৰু মুকলি সভাঃ

Telegram

তামুলপুৰ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন আৰু মুকলি সভাঃ

 

অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন তামুলপুৰত অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে— বিধায়ক জলেন দৈমাৰী

 

তামুলপুৰ, ১৮ মে’:

 

তামুলপুৰ জিলা সদৰস্থিত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি তামুলপুৰ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন আৰু মুকলি সভা অনুষ্ঠিত হয়। তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি উমেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনখনিৰ আঁতধৰে তামুলপুৰ শাখা সাহিত্য সভাৰ সম্পাদক গণেশ ৰাভাই। আজিৰ এই বাৰ্ষিক অধিৱেশনখনিত তামুলপুৰ শাখা সাহিত্য সভাৰ পুৰণি সমিতিখন ভঙ্গ কৰি সুৰেন ৰাভাক সভাপতি আৰু অনুপ নাথক সম্পাদক হিচাপে নিৰ্বাচিত কৰি তামুলপুৰ শাখা সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয়। ইয়াৰ পিছতেই ”চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰি মুকলি সভাখন শুভাৰম্ভ কৰে। মুকলি সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ লগতে তামুলপুৰ শাখা সাহিত্য সভাই সমগ্ৰ তামুলপুৰ অঞ্চলত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়াই লৈ যোৱা বুলি বক্তব্য প্ৰদান কৰে। সমান্তৰালভাৱে নৱ প্ৰজন্মক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সৰ্বাত্মকভাবে মনোনিবেশ কৰিব পৰা কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কয়। ইয়াৰোপৰি সৰ্বাঙ্গসুন্দৰ তামুলপুৰক আকৌ এখোজ আগবঢ়াই লৈ যাবলৈ তামুলপুৰত অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ অসম সাহিত্য সভাৰ লগত আলোচনাত মিলিত হবলৈ তেওঁ তামুলপুৰ শাখা সাহিত্য সভাক আহ্বান জনাই। সভাত বাগছা জিলা সাহিত্য সভাৰ সভানেত্ৰী জামিনী তালুকদাৰে কয় যে– আমি সকলোৱে অসমীয়া ভাষাৰ সমান্তৰালভাৱে নিজৰ নিজৰ জনগোষ্ঠীয় ভাষাটোক ও মৰম কৰিব লাগিব। অসম সাহিত্য সভা উজ্জ্বীৱিত কৰি ৰাখিবলৈ আমি নিজৰ লগতে প্ৰতিঘৰৰ দুই তিনি গৰাকী লোকক আজীৱন সদস্য হিচাপে ভৰ্তি কৰোৱাটো বাঞ্চনীয়। আজীৱন সদস্য ভৰ্তিৰেহে শাখা, আঞ্চলিক তথা জিলা সাহিত্য সভাখন জাকত জিলিকা হয়। এইক্ষেত্ৰত অসম সাহিত্য সভাৰ আজীৱন সভ্য নহলে আমাৰ জীৱন অনৰ্থক বুলিও তেওঁ উল্লেখ কৰে। সমান্তৰালভাৱে সকলোকে অসমীয়া সাহিত্য চৰ্চাত গুৰুত্ব প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনাই। আজিৰ এই সভাখনত বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ উপ সভাপতি তথা বাৰ্তাপখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকা, বাগছা জিলা সাহিত্য সভাৰ সভানেত্ৰী জামিনী তালুকদাৰ, বাগছা জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হেমন্ত কুমাৰ দাস, যুৱ কবি সাহিত্যিক দ্বিজেন কুমাৰ দাস, বিশিষ্ট চিকিৎসক পৰেশ শৰ্মাসহ অঞ্চলটোৰ কেইবাগৰাকীও সাহিত্যিক, বিশিষ্ট নাগৰিক, সাহিত্যনুৰাগী উপস্থিত থাকে।###

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    • Current
    • September 17, 2025
    • 10 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *