
ডিব্ৰুগড়ত সাংসদসকলৰ সৈতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ পৰ্যালোচনা বৈঠক
ৰে’লৱে উন্নয়নমূলক কামকাজৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা
মালিগাওঁ, ১৪ নৱেম্বৰ, ২০২৪:
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে ১৪ নৱেম্বৰ, ২০২৪ তাৰিখে ডিব্ৰুগড়ত তিনিচুকীয়া মণ্ডলৰ অধিক্ষেত্ৰৰ অন্তৰ্গত মাননীয় সাংসদসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মাননীয় সাংসদ (ৰাজ্যসভা) শ্ৰী ৰামেশ্বৰ তেলী, অসমৰ মাননীয় সাংসদ (লোকসভা) শ্ৰী কামাখ্যা প্ৰসাদ তাছা আৰু নাগালেণ্ডৰ লোকসভাৰ মাননীয় সাংসদ শ্ৰী এছ ছোপোংমেৰেন জামিৰ। এই বৈঠকত তিনিচুকীয়াৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক শ্ৰী উত্তম প্ৰকাশৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গও উপস্থিত আছিল।
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকে সকলো সাংসদক আদৰণি জনোৱাৰ সময়ত সাম্প্ৰতিক সময়ৰ কাৰ্যকলাপ আৰু সফলতাসমূহৰ ওপৰত এক চমু আলোকপাত কৰে। মহাপ্ৰৱন্ধকে শেহতীয়া এডিআৰই পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে পৰিচালন কৰা বিশেষ ৰে’ল আৰু উৎসৱ বিশেষ ৰে’লৰ পৰিচালন আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত নিৰ্মাণাধীন আন্তঃগাঁথনিমূলক কাম-কাজৰ বিষয়ে আলোকপাত কৰে। মহাপ্ৰৱন্ধকে ‘ডিজিটেল ইণ্ডিয়া’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি নগদবিহীন লেনদেন সক্ষম কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৫৮৮ টা ষ্টেচনৰ টিকট কাউণ্টাৰত কিউ.আৰ. কোড মেচিন প্ৰৱৰ্তন কৰাৰ বিষয়েও উল্লেখ কৰে। তেও লগতে আৰ্থ-সামাজিক বিকাশ বৃদ্ধিৰ বাবে স্থানীয় উদ্যোগীসকলক স্থানীয় অঞ্চলৰ উৎপাদিত সামগ্ৰী আৰু কাৰুশিল্প প্ৰদৰ্শন আৰু বিক্ৰী কৰাত সহায় কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচনত “ৱান ষ্টেচন ৱান প্ৰডাক্ট” ষ্টল মুকলি কৰাৰ সন্দৰ্ভত মাননীয় সাংসদসকলক অৱগত কৰে। সাংসদসকলক উত্তৰ-পূৰ্ব্বাঞ্চলত চলি থকা বৈদ্যুতিকৰণ, দ্বৈত ৰেলপথ আৰু নতুন ৰেলপথ প্ৰকল্পৰ স্থিতিৰ বিষয়েও অৱগত কৰা হয়। লামডিঙৰ পৰা শিমলুগুড়ী আৰু তিনিচুকীয়া হৈ ডিব্ৰুগড়লৈ দ্বৈত ৰেল পথ নিৰ্মাণৰ প্ৰক্ৰিয়াও চলি আছে। তেওঁ প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰসমূহ মুকলি কৰা ৰে’ল ষ্টেচনৰ বিষয়েও উল্লেখ কৰে।
মহাপ্ৰৱন্ধকে উল্লেখ কৰে যে নিউ তিনিচুকীয়া ৰেল ষ্টেচনটো অমৃত ভাৰত ষ্টেচন আঁচনিৰ (এবিএছএছ) অধীনত পুনর্বিকশিত কৰা হৈছে। তেওঁ সাংসদসকলক তিনিচুকীয়া মণ্ডলত অৱস্থিত হোলোঙ্গাপাৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত এখন কৃত্ৰিম কেনোপি সেতুৰ নিৰ্মাণ কৰাৰ বিষয়েও অৱগত কৰে যাতে আৰ্বোৰিয়েল প্ৰজাতিসমূহে সুৰক্ষিতভাৱে ৰে’লপথ অতিক্ৰম কৰিব পাৰে। মহাপ্ৰৱন্ধকে উন্নত, এআই-আধাৰিত অনুপ্ৰৱেশ চিনাক্তকৰণ প্ৰণালী (আইডিএছ)ৰ জৰিয়তে ৰে’লপথ অতিক্ৰম কৰা হাতীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উপস্থিত মাননীয় সদস্যসকলক অৱগত কৰে, যি ট্ৰেকৰ ওচৰত হাতীৰ চলাচল সঠিকভাৱে চিনাক্ত কৰাৰ ক্ষেত্রত সহায় করে আৰু প্ৰতিৰোধমূলক পদক্ষেপৰ বাবে লোকো পাইলট আৰু ষ্টেচন মাষ্টাৰসকলক সময়মতে সতৰ্ক কৰে।
সুৰক্ষা আৰু বিভিন্ন উন্নয়নমূলক কাম কাজ গ্ৰহণ কৰাৰ বাবে অবৈধ বেদখল আঁতৰোৱা, অননুমোদিত ক্ৰছিং বন্ধ কৰা, লেভেল ক্ৰছিং গেট বন্ধ কৰা আদিত সহায় আগবঢ়াবলৈ মাননীয় সাংসদসকলক অনুৰোধ জনোৱা হয়। এই বৈঠকৰ আলোচনাই ৰে’লৱেক এই অঞ্চলৰ জনসাধাৰণৰ বাবে ৰে’লৱে উন্নয়নমূলক কামকাজৰ পৰিকল্পনা চূড়ান্ত কৰাত যথেষ্ট সহায় কৰিব। মাননীয় সাংসদসকলে প্ৰকাশ কৰা পৰামৰ্শ আৰু মতামতসমূহ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ প্ৰস্তুত কৰোঁতে যথাযথ বিবেচনা কৰা হ’ব বুলি মহাপ্ৰৱন্ধকে কয়।