
কাছাৰৰ প্ৰাক্তন DFO মুজিবুৰ ৰহমান চৌধুৰী আৰু কুমাৰজিৎ দেৰ লগতে আন অসংখ্য ব্যক্তিয়ে কংগ্ৰেছত যোগদান কৰে।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ শাঠৰ লগতে কাছাৰৰ প্ৰাক্তন ডি এফ অ’ মুজিবুৰ ৰহমান চৌধুৰী আৰু কাটিগড়ৰ তিনিবাৰৰ বিধায়ক প্ৰয়াত কালিৰঞ্জনৰ পুত্ৰ কুমাৰজিৎ দেকে ধৰি অসংখ্য কৰ্মীয়ে সোমবাৰে কংগ্ৰেছত যোগদান কৰে। বুধবাৰে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত প্ৰাক্তন জিলা ডিএফঅ’ মুজিবুৰ ৰহমান অৱতৰণ কৰাৰ পিছত দলৰ কৰ্মী আৰু সমৰ্থকে তেওঁক উষ্ম আদৰণি জনায়। বিশাল সমাৱেশৰ অন্তত দলৰ নেতাসকলে মুজিবুৰক জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আদৰণি জনায় সেইদিনা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজন কৰা সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ শথে উপস্থিত হৈ মুজিবুৰ ৰহমান চৌধুৰী আৰু কুমাৰজিৎ দেক দলীয় সাজ-পোছাক পৰিধান কৰি দলত আদৰণি জনায়। সংবাদ মাধ্যমৰ আগত মুজিবুৰ ৰহমান চৌধুৰীয়ে কয় যে কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ আজি তেওঁ দলত যোগদান কৰে। তেওঁৰ পূৰ্বপুৰুষেও কংগ্ৰেছত দেশৰ সেৱা কৰিছিল। আৰু তেওঁও জিলা বন বিষয়া হিচাপে দীৰ্ঘদিন ধৰি ৰাইজৰ কাষত কাম কৰি আহিছে অৱসৰৰ পিছত সমাজসেৱাৰ কথা মনত ৰাখি আজি কংগ্ৰেছ দলত যোগদান কৰে। ইফালে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ শথে কয় যে মুজিবুৰ আৰু কুমাৰজিতৰ সহায়ত ভৱিষ্যতে দলটো অধিক শক্তিশালী আৰু শক্তিশালী হ’ব। বিজেপিৰ অপশাসন আৰু শোষণ নীতিৰ বিৰুদ্ধে ২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে। আৰু লগতে শাসকীয় দলে অসম ৰাজ্যক বিজেপিৰ অত্যাচাৰৰ পৰা মুক্ত কৰি নতুন অধ্যায় আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰে।