*তামুলপুৰত স্থানীয় বন্ধৰ দিন ঘোষণা*
*তামুলপুৰ, ১৩ মাৰ্চ, ২০২৫* : তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে সমাগত হোলি (দৌলযাত্ৰা) উপলক্ষে ভাৰতীয় আইন ব্যৱস্থাৰ এন আই এক্ট, ১৮৮১-ৰ ২৫ নং ধাৰা মতে, অহা ১৫ মাৰ্চৰ দিনটো তামুলপুৰ জিলাত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। উক্ত দিনটোত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দণ্ডাধিকাৰীয় আদালত, শিক্ষা আৰু বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে যিকোনো জৰুৰী সেৱা, সাক্ষাৎকাৰ, পৰীক্ষা তথা লিখিত পৰীক্ষা আদি চলি থাকিব।