ৰেলত এলাৰ্ম চেইন অপব্যৱহাৰৰ বাবে অপৰাধীক ৮ লাখৰো অধিক টকাৰ জৰিমনাৰে দণ্ডিতকৰণ

Telegram

ৰেলত এলাৰ্ম চেইন অপব্যৱহাৰৰ বাবে অপৰাধীক ৮ লাখৰো অধিক টকাৰ জৰিমনাৰে দণ্ডিতকৰণ

 

মালিগাওঁ, ০৩ মাৰ্চ, ২০২৫:

 

ৰেলৰ এলাৰ্ম চেইনসমূহে এক অত্যাৱশ্যকীয় সুৰক্ষা সুবিধা হিচাপে কাম কৰে, যাত্ৰীসকলক সুৰক্ষা সম্পৰ্কীয় আংশকা, চিকিৎসা সংকট বা তাৎক্ষণিক হস্তক্ষেপৰ সময়ত প্ৰয়োজন হোৱা অন্যান্য জৰুৰী পৰিস্থিতিৰ ক্ষেত্ৰত ই ৰেলখন ৰখাবলৈ সুবিধা প্ৰদান কৰে। অৱশ্যে, এলাৰ্ম চেইনৰ অপব্যৱহাৰ ক্ৰমান্বয়ে এক অধিক চিন্তনীয় বিষয় হৈ পৰিছে, যাৰ ফলত ৰেলৰ অপ্ৰয়োজনীয় ষ্টপেজত ৰখাব লগা হয় আৰু ইয়াৰ পৰিচালনত ব্যাঘাত ঘটে। জৰুৰী নোহোৱা পৰিস্থিতিত এলাৰ্ম চেইন পুলিঙৰ বহুতো উদাহৰণ আছে, যেনে যাত্ৰীসকলে অনিৰ্ধাৰিত স্থানত উঠিবলৈ বা নামিবলৈ চেষ্টা কৰা, তেওঁলোকে নিজ ষ্টেচন পাহৰি যোৱা বা অন্যান্য ব্যক্তিগত সুবিধাও ইয়াত অন্তৰ্ভূক্ত থাকে। অনাৱশ্যক এলাৰ্ম চেইন পুলিঙৰ ঘটনাসমূহে ভাৰতীয় ৰেল নেটৱৰ্কৰ দক্ষতা আৰু সময়ানুৱৰ্তীতা ব্যাহত কৰাৰ এক গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিছে।

 

২০২৪ বৰ্ষৰ জানুৱাৰী আৰু ডিচেম্বৰৰ মাহৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে এলাৰ্ম চেইন পুলিঙৰ ২,১০৫ টা ঘটনা পঞ্জীয়নভুক্ত কৰিছিল। ফলস্বৰূপে, ২,১১২ জন ব্যক্তিক কৰায়ত্ত কৰা হয় আৰু অপৰাধীৰ পৰা ৮.৩৭ লাখ টকাৰো অধিক জৰিমনা সংগ্ৰহ কৰা হয়। কেৱল যোৱা দুমাহতে, এই সংমণ্ডলটোৱে অনাৱশ্যক এলাৰ্ম চেইন পুলিঙৰ ১৯৬ টা গোচৰ পঞ্জীয়ন কৰে, যাৰ ফলত ২০৪ জনক কৰায়ত্ত কৰা হয় আৰু ৯০ হাজাৰ টকাৰো অধিক জৰিমনা বিহা হয়। ধৰা পৰা সকলো ব্যক্তিয়ে বৰ্তমান ৰে’ল আইন উলংঘা কৰাৰ বাবে সংশ্লিষ্ট আদালতৰ অধিক্ষেত্ৰৰ অধীনত বিচাৰৰ সন্মুখীন হৈছে।

 

২৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে, এজন ব্যক্তিৰ বিৰুদ্ধে কোনো বৈধ কাৰণ অবিহনে ডিফু ষ্টেচনত ৰেল নং. ১২৪২৪ (নিউ দিল্লী- ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছৰ এলাৰ্ম চেইন আইন বহিৰ্ভূতভাৱে টনাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। এই কাৰ্যৰ ফলত ৰেলখন ১০ মিনিটৰ বাবে ৰখাবলগীয়া হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা শ্যাম নাৰায়ণ বিন্দ নামৰ অপৰাধীজনে পণ্ডিত দীন দয়াল উপাধ্যায় জংচনৰ পৰা ডিমাপুৰলৈ যাত্ৰা কৰিছিল। ৰেলখন ডিমাপুৰ ষ্টেচন এৰাৰ লগে লগে, তেওঁ সময়মতে নামিব নোৱাৰিলে আৰু ৰেলখন ৰখাবলৈ এলাৰ্ম চেইন টানিলে। লগে লগে কৰ্তব্যৰত আৰপিএফ জোৱানে তেওঁক কৰায়ত্ত কৰে আৰু সোধা-পোছা কৰাৰ পিছত, তেওঁ অপৰাধ স্বীকাৰ কৰে। শ্যাম নাৰায়ণ বিন্দৰ বিৰুদ্ধে ৰে’ল আইনৰ ধাৰা ১৪১ ৰ অধীনত ডিমাপুৰ আৰপিএফ পোষ্টত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই ক্ষেত্ৰত অধিক তদন্ত চলি আছে।

 

যাত্ৰীবাহী ৰেলত এলাৰ্ম চেইনৰ অপব্যৱহাৰে সময়ানুৱৰ্তীতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু ৰেলৱেৰ পৰিচালনত লোকচানৰ সৃষ্টি কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেই যাত্ৰীসকলক এলাৰ্ম চেইনৰ অপব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে, কিয়নো ই এক অপৰাধ যি সহযাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বৈধ আৰু পৰ্যাপ্ত কাৰণ অবিহনে এলাৰ্ম চেইন টনাটো ৰে’ল আইনৰ ধাৰা ১৪১ ৰ অধীনত দণ্ডনীয় অপৰাধ, যাৰ ফলত গ্ৰেপ্তাৰ, জৰিমনা বা উভয়ে হ’ব পাৰে।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *