পশ্চিম বংগৰ বীৰভূমিৰ তাৰাপীঠ মন্দিৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন তামুলপুৰৰ যুৱকৰ
বন্তি জ্বলাই, পূজা অৰ্চনা কৰি, কেক কাটি,ফলমুল,মিঠাই বিতৰণ কৰি মুখ্য মন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিন উদযাপন তামুলপুৰৰ যুৱকৰ দলৰ ৷
মহা কুম্ভমেলাৰ পৰা ওভোতাৰ পথত আজি তামুলপুৰৰ ৩৫ জনীয়া দলটিয়ে মুখ্যমন্ত্ৰী গৰাকীলৈ শুভেচ্ছা জনোৱাৰ লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি উদযাপন কৰে জন্মদিন
তামুলপুৰ জিলা বিজেপিৰ অন্যতম সম্পাদক তথা নাগ্ৰিজুলীৰ যুৱ সমাজ কৰ্মী,উদীয়মান যুৱ নেতা শ্ৰীভজন দাসৰ নেতৃত্বত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডঃহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জন্মদিনটো পশ্চিমবঙ্গৰ অন্যতম জাগ্ৰত শক্তিপীঠ মাঁ তাৰাপীঠ কালী মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই,কেক কাটি অসহায় লোক সকলৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী লগতে ফলমুল বিতৰণ কৰে।