ভাৰত-ভূটান সীমান্ত সংযোগী জিলাত বাহক জনিত ৰোগ মুক্ত কৰাৰ প্ৰয়াস

Telegram

ভাৰত-ভূটান সীমান্ত সংযোগী জিলাত বাহক জনিত ৰোগ মুক্ত কৰাৰ প্ৰয়াস

 

তামুলপুৰৰ শশীপুৰত বাগসা- তামুলপুৰ জিলা প্ৰশাসন তথা ভূটানৰ চামদ্ৰুপ স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগত স্বাস্থ্য সজাগত সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

 

তামুলপুৰ,২৩ জানুৱাৰী-

 

 

তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ শশীপুৰত আজি 

মেলেৰীয়া, যক্ষ্মা আদি বাহক জনিত ৰোগ নিৰ্মূল আৰু সংক্ৰমন ৰোধ সম্পৰ্কত এক স্বাস্থ্য সজাগতা সভা আৰু বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুস্থিত হয় ৷ বাগসা আৰু তামুলপুৰ জিলা স্বাস্থ্য বিভাগ তথা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চামদ্ৰূপঝংখাৰ জিলা স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগত অনুস্থিত স্বাস্থ্য সজাগতা সভাত

ৰোগ নিৰ্মূল কৰাৰ লগতে সংক্ৰমণৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰা হয় ৷ বাগসা জিলা মহকুমা সদৰ স্বাস্থ্য বিষয়া ডা: ধ্ৰুৱ পাঠকৰ সভাপতিত্বত অনুস্থিত সজাগতা সভাখন উদ্ধোধন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে

জলেন দৈমাৰীয়ে কয়, এটা সময়ত তামুলপুৰৰ মেলেৰীয়া অধ্যুষিত অঞ্চল আছিল ৷ সমান্তৰাল ভাৱে ঠাই বিশেষে যক্ষ্মা ৰোগৰো প্ৰাদূৰ্ভাৱ আছিল ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নেৰানেপেৰা প্ৰচেষ্টাত সম্প্ৰতি মেলৰীয়া ৰোগ প্ৰায় নিৰ্মূল হৈছে বুলি কব পাৰি ৷ ঠিক তেনেদৰে তামুলপুৰ অঞ্চলত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীও নাই ৷ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ভূটানো সম্প্ৰতি মেলেৰীয়া মুক্ত বুলি বিধায়ক গৰাকীয়ে এই ক্ষেত্ৰত তামুলপুৰ জিলা সীমান্তৰ চামদ্ৰূপঝংখাৰৰ জিলা স্বাস্থ্য বিভাগে ৰোগ মুক্ত পৰিবেশ গঢ়ি তুলিবলৈ লোৱা পৰিষ্কাৰ পৰিচ্ছনতা আৰু সজাগতাৰ শলাগ লয় ৷ বিধায়ক গৰাকীয়ে কোনো ৰোগকে সহজ ভাৱে লব নালাগে বুলি উল্লেখ কৰি সম্প্ৰতি তামুলপুৰৰ কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত সকলোকে পৰিমিত খাদ্যভ্যাষ গঢ়ি তোলাৰ লগতে স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায় ৷বিধায়ক গৰাকীয়ে বিটিআৰ চৰকাৰে টিবি নিৰ্মূল কৰি টিবি মুক্ত বিটিআৰ গঢ়ি তোলাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ৷ স্বাস্থ্য সজাগত সভাত ভূটানৰ চামদ্ৰুপঝংখাৰ জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডা: কাজেং দৰ্জী, জিলা স্বাস্থ্য বিষয়া প্ৰেমা চেৰাঙেও মেলেৰীয়া নিৰ্মূলকৰনৰ ক্ষেত্ৰত ভূটান চৰকাৰৰ স্বাস্থ্য বিভাগে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰে ৷ এই ক্ষেত্ৰত ভাৰত-ভূটান সীমান্ত সংযোগী জিলা সমুহত যাতে মেলেৰীয়া আদি বাহক ৰোগ সংক্ৰমন নহয় তাৰ বাবে সহযোগীতা বিচাৰে ৷ সভাত উপস্থিত তামুলপুৰ, বাগসা আৰু ভূটানৰ কেবাগৰাকী স্বাস্থ্য বিষয়া কইবাগৰাকী স্বাস্থ্য বিষয়াই সজাগতা সভাৰ বক্তব্য আগবঢ়াই ৷

 

সজাগতা সভাৰ লগত সংগতি ৰাখি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰে ৷ যত শতাধিক ৰোগীৰ তেজ,থু, খেকাৰ আদি পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ দৰব আদি প্ৰদান কৰে ৷ বাগসা জিলা মেলেৰীয়া পৰিদৰ্শক ৰহেন ব্ৰহ্মই আঁত ধৰা আজি সজাগতা সভাত বাগসা জিলা মেলেৰীয়া বিষয়া প্ৰদীপ কুমাৰ হালৈ,ৰহিম আলি আহমেদ, মেলিৰীয়া পৰিদৰ্শক হেমকান্ত বড়োৰ লগতে তামুলপুৰ, বাগসাৰ স্বাস্থ্য কৰ্মী তথা দুই শতাধিক লোক উপস্থিত থাকে ৷

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *